ETV Bharat / state

নিৰ্বাচনী হিংসাৰ বলি হৈ কোকৰাঝাৰত আশ্ৰয় গ্ৰহণ পঃ বংগৰ 30 গৰাকী লোকৰ

author img

By

Published : May 7, 2021, 8:05 AM IST

Updated : May 7, 2021, 8:53 AM IST

শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে
শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে

পশ্চিম বংগত ৰাজনৈতিক হিংসাত প্ৰাণৰ মমতাত পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পৰা পলায়ন কৰা 30 জন লোকে আশ্ৰয় লৈছে কোকৰাঝাৰ জিলাত ৷ পশ্চিম বংগৰ পৰা পলাই আহিবলৈ বাধ্য হোৱা লোকসকলে জিলাখনৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় হিন্দী স্কুলত আশ্ৰয় লৈ আছে বুলি বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনে সাংবাদিকৰ আগত সদৰী কৰে ৷

কোকৰাঝাৰ,7মে' : শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত অব্যাহত থকা ৰাজনৈতিক হিংসাই এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজ্যখনত ৷ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে পৰিস্থিতি আৰু অধিক ভয়ানক হৈ পৰিছে ৰাজ্যখনৰ বিৰোধী পক্ষৰ লোকৰ বাবে ৷ ফলত উপায়ান্তৰ হৈ প্ৰাণৰ মমতাত বহু লোকে আশ্ৰয় গ্ৰহণ কৰিছে কোকৰাঝাৰ জিলাত ৷

শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে
শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে

বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে সাংবাদিকৰ আগত সদৰী কৰা মতে, বুধবাৰে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পৰা 25 জন লোক পলাই আহি অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটেৰে প্ৰৱেশ কৰিছে অসমত ৷ কিন্তু লোক কেইজনৰ লগত অহা 4 জন লোক উভতি যায় নিজ ৰাজ্যলৈ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে পুনৰ 9 জন লোক পশ্চিম বংগৰ পৰা পলাই আহি অসমৰ কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰাত জিলাখনৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় হিন্দী স্কুলত আশ্ৰয় লৈ আছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

নিৰ্বাচনী হিংসাৰ বলি হৈ কোকৰাঝাৰত আশ্ৰয় গ্ৰহণ পঃ বংগৰ 30 গৰাকী লোকৰ

আনহাতে, কোকৰাঝাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক আশ্ৰয় দিয়াৰ লগতে প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰাৰ লগতে বিষয়টো সন্দৰ্ভত কোচবিহাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা যোগাযোগ কৰি থকাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ লগতে লোককেইজনৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ কোচবিহাৰ জিলাৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া শ্ৰীৰামপুৰত আহি বাহৰ পাতি থকা বুলিও সদৰী কৰিছে কোকৰাঝাৰ জিলা উপায়ুক্ত গৰাকীয়ে ৷

শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে
শ্ৰীৰামপুৰত বাহৰ পাতিছে পশ্চিমবংগৰ 30 জন লোকে

লগতে পঢ়ক: ৰূপসী বিমানবন্দৰৰ ট্ৰায়েল সম্পন্ন, ৮ মে'ৰ পৰা চলাচল কৰিব বিমান

Last Updated :May 7, 2021, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.