ETV Bharat / state

তৃতীয় বড়ো শান্তি চুক্তিৰ এটা দফাও বাস্তৱত ৰূপায়িত হোৱা নাইঃ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ

author img

By

Published : Aug 30, 2020, 7:54 PM IST

বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ 7 মাহৰ পিচতো চুক্তিৰ এটা দফাও ৰূপায়িত নোহোৱাৰ অভিযোগ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ তথা থুলুংগা বসুমতাৰীৰ । সংবাদমেল যোগে প্ৰদান কৰিলে এই অভিযোগ ৷

Reaction On BTR Peace Agreement
তৃতীয় বড়ো শান্তি চুক্তিৰ এটা দফাও বাস্তৱত ৰূপায়িত হোৱা নাইঃ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ

কোকৰাঝাৰ, 30 আগষ্ট : চলিত বৰ্ষৰ 27 জানুৱাৰীত দিল্লীত সম্পাদিত হৈছিল তৃতীয় বড়ো শান্তি চুক্তি ৷ কিন্তু 7 মাহ অতিক্ৰম হোৱাৰ পিচতো চুক্তিৰ কোনো এটা দফা ৰূপায়ন হোৱা নাই আনকি ৰূপায়নৰ কমিটীও গঠন কৰা হোৱা নাই ৷ এই অভিযোগ বিটিআৰ চুক্তিৰ মধ্যস্থতাকাৰী ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ তথা থুলুংগা বসুমতাৰীৰ । দেওবাৰে গুৱাহাটীত এক সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ তথা থুলুংগা বসুমতাৰীয়ে ।

তেওঁলোকে আকৌ কয় যে, প্ৰতিশ্ৰুতি দিয়া ধৰণে একোৱেই নকৰিলে চৰকাৰে । যাৰ পৰিণতিত আকৌ এবাৰ বিটিএডিত উচ্চাৰিত হৈছে ডিভাইড আচাম ফিফটি ফিফটি, ন' বড়োলেণ্ড ন' ৰেষ্ট, উই ৱাণ্ট বড়োলেণ্ড ধ্বনি ।

আনহাতে, অস্ত্ৰ ত্যাগ কৰি মুলসুঁতিলৈ ঘূৰি অহা NDFB নেতা-কেডাৰ সকলক পুনৰ সংস্থাপন তথা গোচৰ উঠাই লোৱাৰ ক্ষেত্ৰত চৰকাৰে লোৱা উদাসীনতাতো ক্ষুব্ধ দুই মধ্যস্থতাকাৰী । চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ প্ৰতিবাদত নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ বেনাৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলিও দুই মধ্যস্থতাকাৰী দুগৰাকীয়ে জানিবলৈ দিয়ে ৷

তৃতীয় বড়ো শান্তি চুক্তিৰ এটা দফাও বাস্তৱত ৰূপায়িত হোৱা নাইঃ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ

উল্লেখ্য যে, চলিত বৰ্ষৰ 27 জানুৱাৰীত দিল্লীত সম্পাদিত হৈছিল তৃতীয় বড়ো শান্তি চুক্তি । সশস্ত্ৰ বড়ো সংগঠন NDFB ৰ আটাই কেইটা গোট, এবছু আৰু বড়ো সমাজৰ কেইবাটাও জাতীয় দল-সংগঠনৰ প্ৰতিনিধিৰ মাজত স্বাক্ষৰিত হৈছিল BTR চুক্তি । চুক্তি সম্পাদনৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তদানীন্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্যে নেতৃবৰ্গ ।

লগতে পঢ়ক : ৰাজ্যত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.