ETV Bharat / state

উপ নিৰ্বাচন আৰু দুৰ্গোৎসৱ : কোকৰাঝাৰত আৰক্ষীৰ পদযাত্ৰা

author img

By

Published : Oct 12, 2021, 11:20 AM IST

Police march in Kokrajhar
কোকৰাঝাৰত আৰক্ষীৰ পদযাত্ৰা

শাৰদীয় দুৰ্গোৎসৱ আৰু কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনক লক্ষ্য কৰি কোকৰাঝাৰ চহৰত সোমবাৰে অসম আৰক্ষীয়ে এক পদযাত্ৰা উলিয়ায় ৷ ক’ভিডৰ চৰকাৰী প্ৰট’কল মানি দুৰ্গোৎসৱ পালন কৰাৰ বাবে জনতাক আহ্বান জনাই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱে-এ ৷

কোকৰাঝাৰ, 12 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱ আৰু কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনক লক্ষ্য কৰি কোকৰাঝাৰ চহৰত সোমবাৰে অসম আৰক্ষীয়ে এক পদযাত্ৰা উলিয়ায় ৷ জনতাৰ মাজত নিৰাপত্তাৰ আস্থা আৰু ভৰষা দিবলৈ আৰক্ষীয়ে এই পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে ৷

Police march in Kokrajhar
কোকৰাঝাৰত আৰক্ষীৰ পদযাত্ৰা

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত দুৰ্গোৎসৱৰ লগতে ২৮ নং গোঁসাইগাঁও সমষ্টি উপ নিৰ্বাচন দুয়োটাতে যাতে কোনো দুষ্টচক্ৰ বা অপৰাধীয়ে কূটাঘাতমূলক কাৰ্যৰে সমাজত শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে, তাৰে বাৰ্তা দিবলৈ তথা ৰাইজক নিৰাপত্তাৰ আস্থা দিবলৈ আৰক্ষীয়ে এই পদযাত্ৰা কাৰ্যসূচী হাতত লোৱা বুলি সদৰী কৰে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱেয়ে ৷

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱে

কোকৰাঝাৰ জিলা সদৰ থানাৰ পৰা উলিওৱা এই পদযাত্ৰা কাৰ্যসূচীক নেতৃত্ব দি আৰক্ষী অধীক্ষকগৰাকীয়ে ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া গোঁসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচন শান্তিপূৰ্ণ আৰু মুক্ত নিৰ্বাচন হ’ব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে নিৰাপত্তাৰ সকলো যাৱতীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে ৷

Police march in Kokrajhar
কোকৰাঝাৰত আৰক্ষীৰ পদযাত্ৰা

গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনকলৈ নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত বাহিনী মোতায়েন কৰাৰ লগতে অঞ্চল বিশেষে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

আনহাতে শাৰদীয় দুৰ্গোৎসৱকলৈ জিলাবাসীক ক’ভিডৰ চৰকাৰী প্ৰট’কল মানি পালন কৰাৰ বাবে আহ্বান জনাই আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.