ETV Bharat / state

Demand for Tribal status: জনজাতিকৰণ নকৰিলে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ

author img

By

Published : Jan 7, 2022, 7:38 PM IST

Demand for Tribal status
জনজাতিকৰণ নকৰিলে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ

শীঘ্ৰেই কোঁচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ (Koch Rajbongshi demands tribal status)৷ শুকুৰবাৰে আক্ৰাছুৰ ২১ তম্ কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ১১ তম্ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্বজিৎ ৰায়ে এই মন্তব্য দিয়ে ।

কোকৰাঝাৰ, ৭ জানুৱাৰী : ‘‘কোঁচ ৰাজবংশী হ'ল চিলাৰায়ৰ বংশধৰ, ক্ষত্ৰিয়, এটা যুদ্ধ কৰা জাতি । ব্ৰিটিছেও কোঁচৰাজবংশীৰ ওচৰত শিৰ নত কৰিছিল, ৬০০ বছৰ ৰাজত্ব কৰা আহোমেও কোঁচ ৰাজবংশীৰ ভেঁটি লৰাব পৰা নাছিল । তেনেক্ষেত্ৰত আমাৰ অধিকাৰ প্ৰাপ্তিত কোনে অসম ৰক্তাক্ত কৰিব ? এখন গণতান্ত্ৰিক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ’ব ধৰণৰ বক্তব্যই শোভা নাপায় ।’’ এই মন্তব্য কৰিছে কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ সম্পাদক বিশ্বজিৎ ৰায়ে ।

শুকুৰবাৰে আক্ৰাছুৰ (All Koch Rajbongshi Students' Union) ২১ তম্ কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ১১ তম্ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হয় শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷ পৃথক কমতাপুৰ আৰু জনজাতিকৰণ সন্দৰ্ভত বিজেপি চৰকাৰৰ হোহকা-পিছলা নীতিত ক্ষুব্ধ হৈ বিশ্বজিৎ ৰায়ে কয় যে, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোঁচ ৰাজবংশীক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে অতিশীঘ্ৰে বাস্তৱ পদক্ষেপ নল’লে কোঁচ ৰাজবংশীয়ে প্ৰয়োজন সাপেক্ষে হাতত বন্দুক তুলি ল’বলৈ বাধ্য হ’ব (Koch Rajbongshi demands tribal status)।

জনজাতিকৰণ নকৰিলে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ

১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু যোগানন্দ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত সম্পন্ন হোৱা শান্তি চুক্তি অনুসৰি কমতাপুৰ পুনৰ গঠনৰ দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে জনজাতিকৰণ কৰিবলৈও দাবী উত্থাপন কৰিছে ।

২০০২ চনৰ ১৮ ডিচেম্বৰত সংসদত ১৪২ টা জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ কৰিলে যদিও কোঁচ ৰাজবংশীক ইয়াৰ পৰা বাদ পৰি থাকিল আৰু বৰ্তমানলৈকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰি বিশ্বজিৎ ৰায়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগোটৰ অধ্যক্ষ হৈ জনজাতিকৰণ সন্দৰ্ভত নিজেই সমাধানসূত্ৰ বাহিৰ কৰিছিল আৰু তাত সকলোৱে সহমত প্ৰকাশ কৰিছিল যদিও এতিয়া নিজেই অসম ৰক্তাক্ত হ’ব বুলি মন্তব্য কৰাটো শোভা নাপায় ৷

তদুপৰি পৃথক কমতাপুৰ বা জনজাতিৰ বিকল্প কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ নহয় বুলি মন্তব্যৰে কোনো দপ্তৰ নথকা, বাজেট নথকা, কাৰ্যালয় নথকা এয়া কি পুতলাসদৃশ স্বায়ত্বশাসিত পৰিষদ বুলি বিশ্বজিৎ ৰায়ে প্ৰশ্ন উত্থাপন কৰে । কোঁচ ৰাজবংশীক অৱনমিত কৰি ৰখাৰ চৰকাৰী কৌশলক গৰিহণা দি শীঘ্ৰে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন (Reorganisation of Kamatapur Kingdom)আৰু জনজাতিকৰণ নকৰিলে কোঁচ ৰাজবংশীয়ে পুনৰাই হাতত বন্দুক তুলি ল’লে তাৰবাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰহে জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে বিশ্বজিৎ ৰায়ে ।

অনুষ্ঠানত আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়ে বিজেপি চৰকাৰৰ মিথ্যাচাৰক সমালোচনা কৰি বিজেপি চৰকাৰ শাসনাধিষ্ঠ হ’লে ছমাহৰ ভিতৰত জনজাতিকৰণ হ’ব বুলি নৰেন্দ্ৰ মোডীয়ে কৰা ঘোষণাৰ পিছতো জনজাতিকৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে । তদুপৰি মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা বক্তব্যও দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আক্ৰাছুৰ শ্বহীদ দিৱস উপলক্ষে পুৱা আক্ৰাছুৰ পতাকা উত্তোলন কৰে সভাপতি দ্বীপেন ৰায়ে । ইয়াৰ পিছতেই চিলাৰায় সেনাৰ পতাকা উত্তোলন, জাতীয় গামোচা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ।

আনহাতে বৰপেটাৰোডৰ বাঁহবাৰীতো পালন কৰা হয় কোচৰাজবংশী ছাত্ৰ সন্থাৰ ২১তম প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসত আক্ৰাছুৰ বৰপেটা জিলাৰ সভাপতি অজয় বৰ্মন উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ’ব বুলি কোৱা মন্তব্যক গৰিহণা দিয়ে ৷

বিগত ২০২০ চনৰ এই দিনটোতেই ধুবুৰী জিলাৰ গোলকগঞ্জত অনুষ্ঠিত হোৱা আক্ৰাছুৰ শ্বহীদ দিৱসত তেতিয়াৰ মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশলৈ ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে কোচৰাজবংশী সকলক জনজাতিকৰণৰ কাম প্ৰায় ৯০ শতাংশ সম্পন্ন হৈছে ৷ তেনে ক্ষেত্ৰত জনজাতিকৰণৰ বাবে আজিলৈকে প্ৰতিবেদনখনেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আক্ৰছুৱে ৷

লগতে কোচৰাজবংশী সকলৰ লগতে ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ নকৰিলে কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে ছয় জনগোষ্ঠীয়ে যৌথভাৱে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে কোচৰাজবংশী ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: ৰাষ্ট্ৰপতি শাসনৰ ঘটনা প্ৰবাহৰ দস্তাবেজ 'মোৰ দেউতা আলফা নাছিল' উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.