ETV Bharat / state

ৰাষ্ট্ৰপতি শাসনৰ ঘটনা প্ৰবাহৰ দস্তাবেজ 'মোৰ দেউতা আলফা নাছিল' উন্মোচন

author img

By

Published : Jan 6, 2022, 10:01 PM IST

90 ৰ দশকত ৰাষ্ট্ৰপতি শাসনৰ নামত অসমত চলা ঘটনা প্ৰবাহক জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত তুলি ধৰিছে লেখিকা ড৹ সংগীতা ৰাণী কলিতাই 'মোৰ দেউতা আলফা নাছিল' গ্ৰন্থত । নিজ পিতৃক কিদৰে আলফা সজাই পৰিয়ালটোৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল, তাৰ সবিশেষ বিৱৰণি গ্ৰন্থখনত লেখিকাগৰাকীয়ে উল্লেখ কৰিছে । গ্ৰন্থখনে 90 ৰ দশকৰ সেই সময়ৰ ঘটনা প্ৰবাহক প্ৰতিনিধিত্ব কৰিছে ।

Unveiling book on time of 90s presidents rules
ৰাষ্ট্ৰপতি শাসনৰ ঘটনা প্ৰবাহৰ দস্তাবেজ 'মোৰ দেউতা আলফা নাছিল' উন্মোচন

গুৱাহাটী, 6 জানুৱাৰী : আজিৰ পৰা তিনি দশক পূৰ্বে সন্ত্ৰাস জৰ্জৰ অসমত সন্ত্ৰাস দমনৰ নামত হোৱা নিৰ্মম অত্যাচাৰক গ্ৰন্থ আকাৰে দাঙি ধৰিছে লেখিকা ড৹ সংগীতা ৰাণী কলিতা (Dr Sangita rani kalita)ই । 90 ৰ দশকত ৰাষ্ট্ৰপতি শাসনৰ নামত চলা ঘটনা প্ৰবাহক জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত তুলি ধৰা হৈছে গ্ৰন্থ 'মোৰ দেউতা আলফা নাছিল' । বৃহস্পতিবাৰে গুৱাহাটীৰ গেটৱে’ গ্ৰেণ্ডিউ(Gateway Grandeu in Guwahati)ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড৹ সংগীতা ৰাণী কলিতাৰ এই নৱতম গ্ৰন্থ 'মোৰ দেউতা আলফা নাছিল' উন্মোচন কৰা হয় ।

বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বিশ্বজিৎ দাস আৰু বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞানী ড৹ অনিল কুমাৰ সিনহাই গ্ৰন্থখন উন্মোচন কৰে । উন্মোচনী ভাষণত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় ‘‘লেখিকা গৰাকী নিৰ্ভেজাল নাগৰিক কাৰণে এনে এখন গ্ৰন্থ লিখাৰ সাহস কৰিছে । ড৹ সংগীতা ৰাণী কলিতাৰ লেখক জীৱনক অলপ পৰ্যবেক্ষণ কৰিছোঁ’’ ।

প্ৰসংগ ক্ৰমে তেওঁ ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ সময়ত অসমীয়া জীয়ৰী-বোৱাৰী সকলে আগবঢ়োৱা দেশ প্ৰেমৰ বিষয়ে উল্লেখ কৰে ।

ৰাষ্ট্ৰপতি শাসনৰ ঘটনা প্ৰবাহৰ দস্তাবেজ 'মোৰ দেউতা আলফা নাছিল' উন্মোচন

আনহাতে, বিশিষ্ট বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে, ‘‘এই গ্ৰন্থখন ইতিহাসৰ কলা অধ্যায়ৰ বিৱৰণৰ এখন দলিল হ'ব । বুকুৰ পৰা ওলোৱা দুখ যন্ত্ৰণাৰ কথাবোৰে হৃদয় স্পৰ্শ কৰে । লেখিকাই এটা সময়ৰ কথা হৃদয় উজাৰি লিখিছে । এইখন কোনো এটা সময়ৰ প্ৰমান্য দলিল হ'ব পাৰে । অসমত অভিজ্ঞ লোক সকলে নিলিখে । এইখন গ্ৰন্থ বিভিন্ন ভাষাত অনুবাদ হ'ব লাগে বুলিও তেওঁ কয় । অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড৹ অনিল কুমাৰ সিনহা আৰু জেষ্ঠ্য সাংবাদিক বিশ্বজিৎ দাসে বক্তব্য আগবঢ়ায় ।

আনহাতে, লেখিকা ড৹ সংগীতা ৰাণী কলিতাই গ্ৰন্থখনৰ আঁৰৰ কথা উল্লেখ কৰি কয় যে, তেওঁ কোনো ধৰণৰ কল্পনাৰ ৰহণ নসনাকৈ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত গ্ৰন্থখন লিখি উলিয়াইছে । তেওঁ কয় যে, গ্ৰন্থখন লিখাৰ ক্ষেত্ৰত পাঁচ বছৰ সময় লাগিছিল । নিজ পিতৃক কিদৰে আলফা সজাই পৰিয়ালটোৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল, তাৰ সবিশেষ বিৱৰণি গ্ৰন্থখনত লেখিকাগৰাকীয়ে উল্লেখ কৰিছে । গ্ৰন্থখনে 90 ৰ দশকৰ সেই সময়ৰ ঘটনা প্ৰবাহক প্ৰতিনিধিত্ব কৰিছে । গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : লেখক-পাঠক-সাহিত্য সংগঠকৰ মত-বিনিময়েৰে উজ্জীৱিত গ্ৰন্থমেলাৰ বাকৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.