ETV Bharat / state

কোকৰাঝাৰত পথ দুৰ্ঘটনাত নিহত চিকিৎসাকৰ্মী

author img

By

Published : Jun 18, 2020, 11:19 AM IST

দুই বাহনৰ সংঘৰ্ষ
কোকৰাঝাৰত পথ দুৰ্ঘটনাত চিকিৎসাকৰ্মীৰ মৃত্যু

কোকৰাঝাৰত দুই বাহনৰ সংঘৰ্ষৰ ফলত নিহত এজন চিকিৎসাকৰ্মী ৷

কোকৰাঝাৰ, 18 জুন : কোকৰাঝাৰ জিলাৰ বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সমীপত বুধবাৰে সন্ধিয়া স্কুটী (এ এচ 16 ই 3260) আৰু মটৰ চাইকেলৰ (এএচ 15 ডি 2559) মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ ইয়াৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মনোৰঞ্জন ব্ৰহ্ম (51) নামৰ এজন লোক ৷

কোকৰাঝাৰত পথ দুৰ্ঘটনাত চিকিৎসাকৰ্মীৰ মৃত্যু

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল মৃত ব্ৰহ্ম ৷ তেওঁৰ অকাল মৃত্যুত ডিয়াঝিজৰী গাঁৱত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.