ETV Bharat / state

Felicitation Programme: কোকৰাঝাৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

author img

By

Published : May 30, 2023, 7:54 PM IST

Felicitation of meritorious students in Kokrajhar
কোকৰাঝাৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

এবছুৰ উদ্যোগত কোকৰাঝাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমত প্ৰথম দহটা শীৰ্ষস্থান দখল কৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা ৷ প্ৰথম দহটা শীৰ্ষ স্থান দখল কৰা ১৩ গৰাকী কৃতী শিক্ষাৰ্থীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বান্থা প্ৰদান এবছুৰ (Felicitation of meritorious students in Kokrajhar) ৷

কোকৰাঝাৰত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন

কোকৰাঝাৰ,৩০ মে': বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধিৰে উৎসাহ-উদ্দীপনা যোগাবৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ২০০৬ চনৰ পৰা বড়ো মাধ্যমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম দহটা শীৰ্ষস্থান দখল কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বান্থা অৰ্থাৎ বঁটা প্ৰদান কৰি আহিছে (Felicitation Programme) ৷

ইয়াৰে অংশ হিচাপে মঙলবাৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এবছুৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম দহটা স্থান দখল কৰা ১৩ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ আৰ'ণাই, ফুলৰ থোপা, কিতাপ, কলম, মানপত্ৰ, নগদ ধন, টোকা বহী, কমল কুমাৰ ব্ৰহ্মৰ জীৱনী গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয় (Felicitation of meritorious students in Kokrajhar) ৷

এই সম্বৰ্ধনা লাভ কৰা বড়ো মাধ্যমৰ প্ৰথম দহটা শীৰ্ষ স্থান দখল কৰা সকল ক্ৰমে প্ৰথম ছৌৰজিমালা স্বৰ্গীয়াৰী, দ্বিতীয় জ্যোতি মুছাহাৰী, তৃতীয় নৱজিৎ নাৰ্জাৰী, চতুৰ্থ জিতু নাৰ্জাৰী, কৰিশ্মা ৰামচায়াৰী, পঞ্চম হাদৰছা বড়ো, ষষ্ঠ বিৰ্গশ্ৰী ব্ৰহ্ম, সপ্তম গৌৰপথা মুছাহাৰী, সুশান্তজিৎ ওৱাৰী, অষ্টম পেনষ্টাৰ ব্ৰহ্ম, নবম দলি নাৰ্জিৰী, দশম ৰংগিনা বড়ো আৰু খৌমথা গৌৰা বসুমতাৰী (HSLC result 2023) ৷

সম্বৰ্ধনা কাৰ্যসূচীত এবছুৰ উপ-সভাপতি খৌৰৌমদাউ ওৱাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ড৹ মনোজ কলিতা, কোকৰাঝাৰ পূৱ জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী (MLA Lawrence Islari), বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ড৹ নিলুৎ স্বৰ্গীয়াৰী, কোকৰাঝাৰ ইউএন একাডেমিৰ অধ্যক্ষ কৃষ্ণ গোপাল বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ সুবুং বসুমতাৰীকে ধৰি এবছুৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

উল্লেখ্য যে, মঙলবাৰে এবছুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ আন দহ গৰাকী কৃতী শিক্ষাৰ্থীকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ইফালে সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে পতাকা উত্তোলন, সমূহীয়া আৰজ আৰু কমল কুমাৰ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে এবছুৱে ৷

লগতে পঢ়ক: Financial crisis: ৩৬,১৩৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব ৬ টা বিভাগক; চৰকাৰৰ অৱস্থা কঙাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.