ETV Bharat / state

আকৌ এখন পৃথক ৰাজ্যৰ দাবী উঠিছে অসমত

author img

By

Published : Sep 8, 2022, 8:26 PM IST

DJP demands separate Duwaranchal state
DJP demands separate Duwaranchal state

অসম আৰু পশ্চিম বংগৰ ১৮ টা দুৱাৰ অঞ্চল সাঙুৰি নতুন পৃথক ৰাজ্য দুৱাৰাঞ্চল প্ৰদেশ গঠনৰ দাবী ডিজেপিৰ (DJP demands separate Duwaranchal state) ৷ পশ্চিম বংগৰ তিস্তা নদীৰ পৰা অসমৰ শদিয়ালৈ প্ৰস্তাৱিত দুৱাৰাঞ্চল প্ৰদেশৰ চাৰিসীমা ৷

কোকৰাঝাৰ, 8 ছেপ্টেম্বৰ : ডিভাইড আছাম ফিফটি ফিফটি অথবা পৃথক বড়োলেণ্ড নহয় ৷ এইবাৰ দাবী উত্থাপন হৈছে অসম আৰু পশ্চিম বংগৰ বিভিন্ন অঞ্চল সাঙুৰি এখন নতুন পৃথক ৰাজ্য গঠনৰ দাবী (Demand for new separate state in Assam) ৷ পূৱ দিশত অসমৰ শদিয়াৰ পৰা পশ্চিমে পশ্চিম বংগৰ তিস্তা নদীলৈ বিস্তৃত হৈ থকা ১৮ টা দুৱাৰ অঞ্চলক সাঙুৰি দাবী উত্থাপন হৈছে দুৱাৰাঞ্চল প্ৰদেশ নামৰ এখন নতুন তথা পৃথক ৰাজ্য গঠনৰ (DJP demands separate Duwaranchal state) ৷

এই দাবী জনাইছে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ৰাইমোনাত শেহতীয়াকৈ ভূমিষ্ঠ হোৱা দুৱাৰাঞ্চল জন পৰিসংঘম চমুকৈ ডিজেপি নামৰ সংগঠনটোৱে ৷ বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি দুৱাৰাঞ্চল জন পৰিসংঘমৰ সভাপতি ভাৰ্মিনাছ নাৰ্জাৰীয়ে এই দাবী উত্থাপন কৰি কয় যে, বিটিচি আৰু বিটিআৰে বড়ো সকলৰ লগতে প্ৰস্তাৱিত অঞ্চলৰ জন সাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰা নাই (Demand of new state) ৷

আকৌ এখন পৃথক ৰাজ্যৰ দাবী উঠিছে অসমত

সেইবাবে সকলো জাতি-জনগোষ্ঠীকলৈ দুৱাৰাঞ্চল প্ৰদেশ গঠনৰ দাবী জনোৱা হৈছে ৷ কিয়নো দুৱাৰাঞ্চল কোনোকালে কমতাপুৰ, কোচ-বিহাৰৰ অন্তৰ্ভুক্ত নাছিল ৷

আনহাতে, সংবাদমেলখনত নাৰ্জাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, গৃহমন্ত্ৰী লালকৃঞ্চ আদৱানীয়ে জনজাতিসকলৰ বিকাশৰ বাবে যিখিনি অধিকাৰ প্ৰদান কৰিছিল সেইখিনিকো নিঃশেষ কৰিলে ৷ এনেবোৰ কাৰণতে অসমৰ সৈতে থকাটো সম্ভৱ নহয় ৷ তাৰ পৰিপ্ৰেক্ষিততে দুৱাৰাঞ্চল প্ৰদেশ গঠনৰ দাবী জনোৱা বুলি কয় নাৰ্জাৰীয়ে ৷

উল্লেখ্য যে, অসম আৰু পশ্চিম বংগৰ ১৮ খন দুৱাৰ অঞ্চলক সাঙুৰি দুৱাৰাঞ্চল প্ৰদেশ গঠনৰ দাবী জনাইছে দুৱাৰাঞ্চল জন পৰিসংঘমে ৷

উল্লেখ্য যে, ৰাজ্যৰ কেইবাটাও সংগঠনে বিভিন্ন সময়ত পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছে (Demand for separate state in Assam) ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে পৃথক বড়ো ৰাজ্য গঠন, পৃথক কমতাপুৰ ৰাজ্য গঠন, পৃথক ডিমাচা গঠনৰ দাবী ৷ কেইদিনমান পূৰ্বে এবছুৰ সভাপতি দ্বীপেন বড়োৱে পৃথক কমতাপুৰ গঠনৰ পূৰ্বে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে দাবী জনায় চৰকাৰক (ABSU demands for separate Boroland) ৷

সভাপতিগৰাকীয়ে কয় যে, বড়োলেণ্ডত আন্দোলন চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কেবাখনো ৰাজ্য গঠন কৰিলে যদিও বড়োলেণ্ড নহ'ল । ইয়াৰ পিচত এতিয়াও যদি চৰকাৰে নতুনকৈ কেন্দ্ৰীয় শাসিত বা পৃথক ৰাজ্য গঠন কৰিব বিচাৰে তেন্তে প্ৰথমেই বড়োলেণ্ড গঠন কৰিব লাগিব, তাৰ পিছতহে কোচবিহাৰ গঠন হ'ব লাগিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোছোয়েশ্যনৰ সভাপতি অনন্ত মহাৰাজে অসমৰ পাঁচখন জিলাৰ ভিতৰত BTR অঞ্চলৰ চিৰাং আৰু কোকৰাঝাৰ জিলা সাঙুৰি লৈ কেন্দ্ৰীয় শাসিত কোচবিহাৰ ৰাজ্য গঠনৰ দাবী জনাইছিল ৷ এবছুৱে এই দাবীক গৰিহনা দিয়াৰ লগতে সকিয়াই দি কয় যে অনন্ত মহাৰাজে পশ্চিমবংগক লৈ কোচবিহাৰ ৰাজ্য গঠন কৰক অসম বা BTR লৈ আহিব নালাগে ৷

আনহাতে, ডিমাচা সংগঠন সমূহেও দীৰ্ঘদিন ধৰি দাবী কৰি আছে পৃথক ডিমাচা ৰাজ্য গঠনৰ বাবে (Demand of separate Dimasa land)৷ অসমৰ দুখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও তথা বৰাক উপত্যকাৰ কিছু অংশ সামৰি ডিমাৰাজি গঠনৰ দাবী উত্থাপিত হৈ আহিছে ৷ ডিমাচা নেচনেল চিকিউৰিটি ফ’ৰ্চৰ পৰা আৰম্ভ কৰি ডি এইছ ডি, ব্লেক উইড’, ডি এন এলেয়ে বিভিন্ন সময়ত এই দাবী উত্থাপন কৰি আহিছে ৷ ইতিমধ্যে এই আটাইকেইটা সংগঠনেই চৰকাৰৰ সৈতে আলোচনাত আছে (Dimasa rebel groups) ৷

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীও দীৰ্ঘদিনীয়া ৷ যাৰ বাবে জন্ম হৈছিল নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেচন আৰ্মী চমুকৈ কে এল অ’ৰ (Ban outfit KLO) ৷ জীৱন সিংহৰ নেতৃত্বত এই সংগঠনটোৱে আজি পৰ্যন্ত পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী তুলি আহিছে (Demand of separate Kamatapur) ৷ ইফালে কোচ ৰাজবংশী ছাত্ৰ সন্থায়ো দীৰ্ঘদিন ধৰি তুলি আহিছে এই দাবী ৷
লগতে পঢ়ক: বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.