ETV Bharat / city

বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইন

author img

By

Published : Sep 8, 2022, 5:53 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এনেধৰণৰ প্ৰায় অৰ্দ্ধ শতাধিক আইন বাতিলৰ বাবে অনুমোদন জনাইছে ৷ সেই মৰ্মেই পৰ্যায়ক্ৰমে তেনে আইনসমূহ বাতিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ বিধানসভাৰ মজিয়াতে সাংবিধানিক বিধি-প্ৰণালীৰ মাজেৰে বাতিল কৰা হ'ব এইধৰণৰ আইনসমূহ ৷

Etবিধানসভাৰ বৰ্ষাকালিন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইনv Bharat
Etv Bhবিধানসভাৰ বৰ্ষাকালিন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইনarat

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: সোমবাৰ অৰ্থাৎ 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ (Assam Legislative Assembly) বৰ্ষাকালীন অধিবেশন আৰু এই অধিবেশনতে চিৰদিনৰ বাবে বিলুপ্ত হ'ব বৃটিছৰ শাসনকাল বা দেশে স্বাধীনতা লাভ কৰা সময়ৰে পৰা অসমত কাৰ্যকৰী হৈ থকা কেইবাখনো আইন(Repeal of old Acts) ৷

আজিৰ প্ৰেক্ষাপটত যিসমূহ এনে পুৰণিকলীয়া আইন একপ্ৰকাৰ মূল্যহীনৰূপে বিবেচিত হৈ পৰিছে, তেনে আইনসমূহ বাতিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এনেধৰণৰ প্ৰায় অৰ্দ্ধ শতাধিক আইন বাতিলৰ বাবে অনুমোদন জনাইছে ৷ সেইমৰ্মেই পৰ্যায়ক্ৰমে তেনে আইনসমূহ বাতিল কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ ৷

তততত
বৰ্ষাকালীন অধিবেশনত উল্থাপন হ'বলগীয়া কেইখনমান বিধেয়ক

বিধানসভাৰ মজিয়াতে সাংবিধানিক বিধি-প্ৰণালীৰ মাজেৰে বাতিল কৰা হ'ব এইধৰণৰ আইনসমূহ ৷ অসম বিধানসভাৰ প্ৰধান সচিব, জ্যেষ্ঠ আই এ এছ বিষয়া হেমেন দাসে (Principal Secretary Assam assembly) বৃহস্পতিবাৰে এই সন্দৰ্ভত ই টিভি ভাৰতক কয় যে ইতিমধ্যে তেনেধৰণৰ কেইবাখনো পুৰণি আইন বিধানসভাত বাতিল কৰা হৈছে ৷

12 ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ আগন্তুক অধিবেশনতো তেনেধৰণৰ কেইবাখনো আইন বাতিল কৰা হ'ব ৷ আনহাতে আগন্তুক এই পাঁচদিনীয়া অধিবেশনত কেইবাখনো নতুন আৰু সংশোধনী বিধেয়ক উল্থাপিত হ'ব বিধানসভাত ৷ এই পৰ্যন্ত বিত্ত বিভাগ, জনজাতি পৰিক্ৰমা বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ পৰা সৰ্বমুঠ 12 খন বিধেয়কৰ জাননী লাভ কৰিছে বিধানসভা সচিবালয়ে ৷

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.