ETV Bharat / state

কোকৰাঝাৰত অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ

author img

By

Published : Jul 24, 2020, 10:33 PM IST

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত চিকিৎসকৰ সাফল্য ৷ দুগৰাকীকৈ ক’ভিড ১৯ পজিটিভ প্ৰসূতিৰ অস্ত্ৰোপ্ৰচাৰ ৷ সুস্থ অৱস্থাত আছে মাতৃ-নৱজাতক ৷

অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ
অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ

কোকৰাঝাৰ, 24 জুলাইঃ শুকুৰবাৰে বৃহৎ সাফল্য লাভ কৰে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত চিকিৎসকৰ এটি দলে ৷ দলটোৱে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে প্ৰসৱ কৰাই দুগৰাকীকৈ ক’ভিড আক্ৰান্ত গৰ্ভাৱতী মহিলাক ৷ খবৰ অনুসৰি মাতৃ আৰু নৱজাতক সকলো সুস্থ অৱস্থাত আছে ৷

অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ
বৃহৎ সাফল্য

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডঃ এ.এচ শৰ্মাই সদৰি কৰা মতে জিলাখনৰ তিতাগুৰী অঞ্চলৰ পৰা কালি অৰ্থাৎ ২৩ জুলাইৰ দিনাখন দুগৰাকী প্ৰসূতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুয়োগৰাকী প্ৰসূতি ক’ভিড ১৯ পজিটিভ আছিল ৷ প্ৰসূতিজনিত জটিলতালৈ লক্ষ্য ৰাখি শুকুৰবাৰে তেওঁলোকক অস্ত্ৰোপ্ৰচাৰৰ সহায়ত প্ৰসৱ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

সেই অনুসৰি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডঃ ৰঞ্জিত কুমাৰ বড়ো , ডঃ মহেন্দ্ৰ নাথ ব্ৰহ্ম, সহযোগী উৰ্মিলা বসুমতাৰী , ৰীণা দৈমাৰী,অস্ত্ৰোপ্ৰচাৰ কক্ষৰ সহযোগী প্ৰদীপ নাৰ্জাৰীৰ লগতে কামিনি কৰ্মকাৰ,কিৰণ ৰয়,চাফাই কৰ্মী ৰাজেন্দ্ৰ আৰু অশোক বাশফৰ,ডঃ জুনিকৰ আলি আৰু কৰ্মচাৰী চিন্ময় দাসৰ ব্যৱস্থাপনাত অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হয় ৷

অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ
অস্ত্ৰোপ্ৰচাৰৰ জৰিয়াতে সন্তান প্ৰসৱ দুগৰাকী ক’ভিড আক্ৰান্তৰ

প্ৰায় ঘণ্টাজোৰা অস্ত্ৰোপ্ৰচাৰৰ পাচত প্ৰসূতি কংগনা বৰ্মনে পুত্ৰ সন্তান ( ৩.৭ কিলোগ্ৰাম) আৰু ৰুনজুন মহন্তই কন্যা সন্তান (২.৫ কিলোগ্ৰাম) জন্ম দিয়ে ৷ প্ৰসূতি দুগৰাকী ক’ভিড ১৯ পজিটিভ হোৱাৰ পিছতো কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰোৱাই মহান মানৱতা প্ৰদৰ্শন কৰি প্ৰশংসিত হৈছে ৷

অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে সফলতাৰে সন্তান প্ৰসৱ কৰোৱাৰ পাচতে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডঃ এ. এচ শৰ্মাই কয় যে এয়া এক বৃহৎ সফলতা আৰু এই সফলতাই আন চিকিৎসালয় সমূহতো ক’ভিড ১৯ত আক্ৰান্ত হোৱা প্ৰসূতিৰ ক্ষেত্ৰত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব ৷

লগতে কয় যে,চিকিৎসালয়ৰ পৰামৰ্শ মানি চলিলে ক’ভিড 19ৰ দৰে সংক্ৰামক ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ পূৰ্বতে কৰ’ণাৰ প্ৰতি যি আতংক আছিল সেই আতংক এতিয়া আৰু নাই আৰু লাহে লাহে ই এক সাধাৰণ ঘটনালৈ লৈ পৰিবৰ্তন হব বুলি মন্তব্য কৰে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়কঃ মাহমৰাৰ এটা জৰাজীৰ্ণ পথে এতিয়া জীয়াতু ভোগাইছে সকলোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.