ETV Bharat / state

Illegal Cattle Smuggling: কোকৰাঝাৰ আৰক্ষীৰ জালত গৰুসহ দুই সৰবৰাহকাৰী

author img

By

Published : Jul 20, 2022, 10:32 PM IST

Cattle smuggler arrested by Kokrajhar police
কোকৰাঝাৰ আৰক্ষীয়ে দহটাকৈ চোৰাং গৰু

বুধবাৰে কোকৰাঝাৰত জব্দ কৰা হৈছে অবৈধভাৱে সৰবৰাহ কৰি অনা 10 টাকৈ গৰু (Cattle seized in Kokrajhar) ৷ লগতে দুটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

কোকৰাঝাৰ, ২০ জুলাই: অপৰাধীৰ বিৰুদ্ধে ৰাজ্যত পূৰ্বতকৈ অধিক কঠোৰ হৈছে আৰক্ষী ৷ ইফালে অসম আৰক্ষী কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য ৷ একে ধৰণে চলি আছে গৰুৰ অবৈধ সৰবৰাহ (Illegal Cattle Smuggling in Assam) । ইয়াৰ মাজতে কোকৰাঝাৰত জব্দ হ’ল অবৈধভাৱে সৰবৰাহ কৰিবলৈ অনা 10 টাকৈ গৰু (Cattle seized in Kokrajhar) ৷

এক গোপন সূত্ৰ অনুসৰি বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ কৰা গৰুসহ দুজন সৰবৰাহকাৰীকো আটক কৰে । আটকাধীন চোৰাং ব্যৱসায়ী দুটা কোকৰাঝাৰ জিলাৰে কাউনিয়াভাষাৰ হাবিবুৰ আলী মণ্ডল আৰু হৰিনাগুৰীৰ দালু মাৰ্ডী বুলি জানিব পৰা গৈছে (Cattle smuggler arrested by Kokrajhar police) ।

Cattle smuggler arrested by Kokrajhar police
কোকৰাঝাৰ আৰক্ষীয়ে দহটাকৈ চোৰাং গৰু

প্ৰাপ্ত তথ্য মতে, কাউনিয়াভাষাৰ হাবিবুৰ আলীয়ে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং ব্যৱসায় কৰি আহিছিল । বুধবাৰে পুৱা দালু মাৰ্ডীসহ আন দুজনে চোৰাংকৈ অনা গৰুখিনি দুৰামাৰী-জাউলিয়াপাৰা দিশৰ পৰা খোজকঢ়াই লৈ গৈ থকাৰ অৱস্থাত বালাজান তিনালী- হল্টুগাঁও পথৰ উচ্চামাটিত আৰক্ষীয়ে দালু মাৰ্ডীক আটক কৰাৰ লগতে গৰুকেইটা জব্দ কৰে । অৱশ্যে ঘটনাস্থলীৰ পৰা দালু মাৰ্ডীৰ সতে থকা আন দুজন সৰবৰাহকাৰী পলায়ন কৰে ৷

Cattle smuggler arrested by Kokrajhar police
Cattle smuggler arrested by Kokrajhar police

ইফালে মূল অভিযুক্ত হাবিবুৰ আলী মণ্ডল মটৰ চাইকেলেৰে পৰ্যবেক্ষণৰ বাবে আহোতে আৰক্ষীৰ হাতত আটক হয় ৷ লগতে আৰক্ষীয়ে হাবিবুৰৰ মটৰ চাইকেলখনো জব্দ কৰে । সম্প্ৰতি জব্দকৃত দহটা গৰু বালাজান আৰক্ষী চকী চৌহদত বান্ধি ৰখা হৈছে আৰু আটকাধীন হাবিবুৰ আলী মণ্ডল আৰু দালু মাৰ্ডী আৰক্ষী জিন্মাত আছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩৪৭/২০২২ নম্বৰত এক গোচৰ ৰজু কৰিছে ।

লগতে পঢ়ক: Dhubri Police encounter : আৰক্ষীৰ গুলীত নিহত কুখ্যাত গো-মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.