ETV Bharat / state

মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Nov 5, 2020, 8:58 PM IST

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট । আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

amsu-protest-at-gossaigaon
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট

গোসাইগাঁও, 5 নৱেম্বৰ : গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰী তথা ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, প্ৰতিবিধ খাদ্য-সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা, পেট্ৰ'ল আৰু ডিজেলত আৰোপ কৰা ৰাজ্য চৰকাৰৰ শুল্ক আৰু ভেট হ্ৰাস কৰা আদি বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

amsu-protest-at-gossaigaon
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট

প্ৰতিবাদীসকলে বিজেপি চৰকাৰ হায় হায়, আমছু জিন্দাবাদ, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মূৰ্দাবাদ, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে শতাধিক প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.