ETV Bharat / state

কোকৰাঝাৰত নাবালিকাৰ আত্মহত্যাত চাঞ্চল্য সৃষ্টি

author img

By

Published : Jul 20, 2021, 10:47 PM IST

A minor girl commits suicide in Kokrajhar
কোকৰাঝাৰত এগৰাকী নাবালিকাই আত্মহত্যা কৰাৰ পাচতে সৃষ্টি হৈছে চাঞ্চল্যৰ

কোকৰাঝাৰত নাবালিকাৰ আত্মহত্যা ৷

কোকৰাঝাৰ, ২০ জুলাই : প্ৰেমত পৰাৰ সন্দেহতে এগৰাকী নাবালিকাক (minor girl) অভিভাৱকে গালি-শপনি পৰাৰ লগতে ধমকি দিয়াত অৱশেষত ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছিল ৷ সম্প্ৰতি এই ঘটনাটোৱে কোকৰাঝাৰত (Kokrajhar) তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত টিলাপাৰা অঞ্চলত ৷

তথ্য অনুসৰি, এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী নাবালিকাগৰাকীয়ে জেঠায়েকৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছিল ৷ অভিভাৱকে প্ৰেমত পৰাৰ সন্দেহত গালি-শপনি পৰাত জেঠায়েকৰ ঘৰতে আত্মহত্যা কৰিছিল । ইপিনে পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে, কালি অৰ্থাৎ সোমবাৰে নাবালিকাগৰাকীয়ে এগৰাকী বিশেষ ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ এজন লৰাৰ লগত নিৰ্জন ঠাইত কথা পাতি আছিল । তাৰপাচতে স্থানীয় লোকে দুয়োকে দেখি গালি-শপনি আৰু ধমকি দি সেই স্থানৰ পাৰ ঘৰলৈ যাবলৈ দিছিল ৷ সেই অনুসৰিয়ে নাবালিকা গৰাকী প্ৰথমতে সম্পৰ্কীয় এঘৰলৈ যায় আৰু সন্ধিয়া হোৱাত জেঠায়েকৰ ঘৰলৈ উভতি আহে ।

আনহাতে, সোমবাৰে নিশা যেতিয়া নাবালিকা ছোৱালীজনী ঘৰত শুই আছিল ৷ সেই সময়তে নাবালিকা গৰাকীৰ মাতৃ সহিতে আন একাংশ আত্মীয়ই জেঠায়েকৰ চোতালত গোট খাই দিনৰ ঘটনাটোৰ সন্দৰ্ভত আলোচনা কৰি আছিল । তাৰপাচতে নাবালিকাগৰাকীক কোনোবা এগৰাকীয়ে মাতিছিল যদিও নাবালিকাগৰাকীয়ে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল ৷

কোকৰাঝাৰত নাবালিকাৰ আত্মহত্যাত চাঞ্চল্য সৃষ্টি

কোনো ধৰণৰ উত্তৰ নোপোৱাত নাবালিকাগৰাকী শুই পৰা বুলি ভাবি আমনি কৰা নাছিল পৰিয়ালৰ লোকে । আজি অৰ্থাৎ মঙলবাৰে পুৱা নাবালিকাগৰাকী কোঠাৰ পৰা ওলাই নহাত মাকে খিৰিকীখন জোৰেৰে টান মাৰি দিয়াত খিৰিকীখন খোল খাই যোৱাত দেখা পায় ৰুমৰ ভিতৰত চিপজৰী লৈ আছে জীয়ৰীয়ে ৷ মাকে জীয়ৰীক চিপজৰী লোৱা অৱস্থাত দেখি হুৱাদুৱা কৰাত গাঁৱখনত এক অস্বাভাৱিক পৰিস্থিতিয়ে বিৰাজ কৰে ৷

তাৰপাচতে গাঁৱখনৰ একাংশই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । তাৰপাছতে ঘটনাস্থলীত উপস্থিত হৈ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে লাভ জেহাদৰ পৰিণতিতে ছোৱালীজনীয়ে আত্মহত্যা কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰীক ঘটনাটোৰ সঠিক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে । একাংশ গাঁৱবাসীয়ে আত্মগ্লানিত ভূগি ছোৱালীজনীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ বোকাখাতত পৰিত্যক্ত চৰকাৰী মীন পাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.