ETV Bharat / state

Verdict on Kokrajhar rape case: ধৰ্ষণৰ অভিযোগত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড সইমুদ্দিন শ্বেখক

author img

By

Published : Nov 23, 2022, 9:14 PM IST

বগৰীবাৰী থানাৰ অন্তৰ্গত চাপাগুৰীৰ সইমুদ্দিন শ্বেখে 2012 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰিছিল । POSCO আইনৰ ধাৰা 6 অনুসৰি কোকৰাঝাৰ বিশেষ আদালতে অভিযুক্ত সইমুদ্দিন শ্বেখক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20 হাজাৰ টকাৰ জৰিমনা বিহে (20 years rigorous imprisonment to rape accused)।

Verdict on Kokrajhar rape case
Rape case in Kokrajhar

কোকৰাঝাৰ, 23 নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ (Minor girl rape) কৰাৰ অভিযোগত সইমুদ্দিন শ্বেখ নামৰ এজন লোকক কাৰাদণ্ড বিহে কোকৰাঝাৰ বিশেষ আদালতে (20 years rigorous imprisonment to rape accused) । বুধবাৰে প্ৰদান কৰা কোকৰাঝাৰ বিশেষ আদালতৰ ৰায় অনুসৰি সইমুদ্দিন শ্বেখক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20 হাজাৰ টকাৰ জৰিমনা বিহা হৈছে । জৰিমনা অবিহনে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড খাটিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে (Rape case in Kokrajhar)।

ধৰ্ষণৰ অভিযোগত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড সইমুদ্দিন শ্বেখক

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত চাপাগুৰীৰ সইমুদ্দিন শ্বেখে 2012 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰিছিল । নাবালিকাগৰাকীয়ে দোকানৰ পৰা বস্তু আনিবলৈ যাওঁতেই অভিযুক্ত সইমুদ্দিন শ্বেখে দোকান বন্ধ কৰি নাবালিকা কন্যাগৰাকীক ধৰ্ষণ কৰিছিল (Minor girl rape in Kokrajhar)।

পিছত পৰিয়ালৰ লোকে বগৰীবাৰী থানাত এজাহাৰ 112/2012 নম্বৰত দাখিল কৰিছিল এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সইমুদ্দিন শ্বেখক আটক কৰে । উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 376 আৰু POSCO আইনৰ অধীনত গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে ।

POSCO আইনৰ ধাৰা 6 অনুসৰি কোকৰাঝাৰ বিশেষ আদালতত উক্ত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল ৷ অৱশেষত বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতে উক্ত গোচৰৰ ৰায়দান কৰে (Verdict on Kokrajhar rape case) । কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে অভিযুক্ত সইমুদ্দিন শ্বেখক দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20 হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে. কোচে ।

লগতে পঢ়ক: Pradyut Bordoloi on Assam Meghalaya border conflict: জ্বলা জুইত ঘিউ নাঢালিবলৈ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.