ETV Bharat / state

কাঁইটীয়া তাঁৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !

author img

By

Published : Oct 23, 2020, 1:44 PM IST

ZILLA PARISHAD PRESIDENT DISTRUSTED CLOTHES INDO BANGLA BORDER
কৰিমগঞ্জত কাঁইটীয়া তাৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !

কৰিমগঞ্জত কৰ'ণা মহামাৰীৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা গাওঁবাসীৰ মাজত পূজাৰ নাই কোনো আনন্দ। ইতিমধ্যে জিলা পৰিষদৰ সভাপতি এগৰাকীয়ে ৰাইজৰ মাজত বিতৰণ কৰিছে কাপোৰৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী ৷

কৰিমগঞ্জ, 23 অক্টোবৰঃ কাঁইটীয়া তাঁৰৰ বাহিৰত এখন ভাৰতীয় গাঁও আৰু কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ গোবিন্দপুৰ গাওঁৰ ৰাইজে দেশ বিভাজনৰ পূৰ্বৰ পৰা দূৰ্গা পূজা পালন কৰি আহিছে। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ঘটিছে। দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পুৰণি পুজা এই গাওঁত অনুষ্ঠিত হৈ আহিছিল যদিও এইবাৰ গাঁওখনত পূজা সম্পূৰ্ণৰূপে বন্ধ ।

ZILLA PARISHAD PRESIDENT DISTRUSTED CLOTHES INDO BANGLA BORDER
কৰিমগঞ্জত কাঁইটীয়া তাৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰী নিৰ্দেশনাত গাওঁৰ ৰাইজ আবদ্ধ হৈ পৰিছিল । কোনো লোক ভিতৰলৈ সোমাই আহিব পৰা নাছিল। যাৰ বাবে কৰ্মসংস্থান,ব্যৱসায় বাণিজ্য সকলো হেৰুৱাই পেলাইছে এইখন গাঁৱৰ ৰাইজে। উপাৰ্জনৰ পথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছিল। লক ডাউনৰ সময়ত বিভিন্ন সংগঠন,ব্যক্তি আৰু চৰকাৰী ভাৱে সাহায্য লাভ কৰি চলিছিল গাওঁখনৰ প্রায় ৪৫ টা পৰিয়ালৰ আঢ়ৈ শ লোকে।

কিন্তু পূজাৰ বতৰত পূজা পাতিবলৈ তেওঁলোকৰ ওচৰত নাই কোনো সামৰ্থ পূজাৰ নাই কোনো আনন্দ। সেয়েহে গোবিন্দপুৰ গাঁৱৰ লোকসকলৰ মাজত সামান্য আনন্দ দিয়াৰ বাবে জিলা পৰিষদৰ সভাপতি আশীষ নাথে তেওঁৰ ফালৰ পৰা ৭০ খন শাৰী ,৪৫ টা ছাৰ্ট, ২০ খন ধুতি, চুৰিদাৰ, সহ কণ -কণ শিশু সকলৰ বাবেও কাপোৰ দিয়ে। যাতে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে। লগতে সীমান্ত সুৰক্ষা বাহিনীক পূজাৰ আনন্দ উপভোগ কৰিব পৰা কৈ গেট সমূহ পোৱাৰ পৰা সন্ধিয়ালৈকে খুলি দিয়াৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে,চৰকাৰে দিয়া প্ৰথম লক ডাউনৰ পৰাই এই গোবিন্দপুৰ গাঁৱৰ ৰাইজ সম্পূৰ্ণৰূপে বন্দী হৈ আছে ।

লগতে পঢ়ক- উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.