ETV Bharat / state

উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ

author img

By

Published : Oct 23, 2020, 11:36 AM IST

গড়কাপ্তানি পথৰ ওপৰত বাঁহৰ বেৰ দিয়া কাৰ্যক লৈ জনীয়াত প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ ৰাইজ ৷

Public Protest Against bambo wall on pwd road in Jania
উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ

জনীয়া, 23 অক্টোবৰঃ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াৰ পৰা কাদঙলৈ যোৱা গড়কাপ্তানি পথৰ কাষতে থকা বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ইতিমধ্যে প্ৰশাসনে উচ্ছেদ কৰাৰ লগতে উক্ত অঞ্চলটো বাঁহৰ বেৰ দি জব্দ কৰে।

উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ

উল্লেখ্য যে,বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতত জনীয়াৰ সপ্তাহিক বজাৰৰ সমীপত থকা বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে ৷ ইফালে ব্যস্ততাপূৰ্ণ পথটোত বাঁহৰ বেৰ দিয়াৰ বাবে জনীয়া সপ্তাহিক বজাৰৰ সম্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । তাৰোপৰি দীৰ্ঘ দিন ধৰি স্থানীয় বহু কেইজন লোকে উক্ত স্থানত ব্যৱসায় কৰি নিজৰ লগতে পৰিয়াল কেইটাক পোহ পাল দি আহিছিল যদিও প্ৰশাসনৰ এনে কাৰ্যৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৷ অতি শীঘ্ৰে উচ্ছেদিত লোকসকলক চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে উচ্ছেদিত লোকসকলে ৷

লগতে পঢ়ক- অজিত ভূঞাক অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.