ETV Bharat / state

Assam Youth died in abroad: বেংগালুৰুত ৰহস্যজনক মৃত্যু বদৰপুৰৰ যুৱকৰ

author img

By

Published : Dec 1, 2022, 10:20 PM IST

Assam Youth died in abroad
বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু ছাব্বিৰৰ

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ এইবাৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বদৰপুৰ সমষ্টিৰ ভাংগা এলেকাৰ এজন যুৱকৰ (Young man from Assam has died mysteriously abroad again) ৷

কৰিমগঞ্জ, 1 ডিচেম্বৰ : ‘‘ছাব্বিৰ আহমেদক হত্যা কৰা হৈছে ৷ ছাব্বিৰৰ স্বাভাৱিক মৃত্যু হোৱা নাই ৷ ছাব্বিৰৰ হত্যাৰ তদন্ত কৰক অসম চৰকাৰে ৷’’ জীৱনৰ আদবাটতে নিজৰ সুঠাম ল’ৰাক হেৰুৱাই এয়া এটা ভুক্তভোগী পৰিয়ালৰ বিননি ৷

আকৌ আহিছে মৃত্যুৰ বাতৰি ৷ বহিঃৰাজ্যত পুনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে অসমৰ আন এজন যুৱকৰ (Young man from Assam has died mysteriously abroad again) ৷ এইবাৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হৈছে কৰিমগঞ্জ জিলাৰ বৰপুৰ সমষ্টিৰ ভাংগা এলেকাৰ এজন যুৱকৰ ৷ বহিঃৰাজ্যত মৃত্যু হোৱা যুৱকজনৰ নাম ছাব্বিৰ আহমেদ ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাংগা এলেকাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে (Assam Youth died in abroad) ৷

লগতে পঢ়ক : Murder at Moran : ভাতত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে !

তথ্য অনুসৰি, কৰ্মসূত্ৰে ঘৰৰ পৰা বেংগালুৰুলৈ গৈছিল ছাব্বিৰ আহমেদ ৷ বেংগালুৰুৰ হাতী পল্লী আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলৰ এখন দোকানত কৰ্মৰত আছিল ছাব্বিৰ আহমেদ । সেই ঠাইৰ পৰাই ছাব্বিৰ আহমেদৰ মৃত্যু হোৱা বুলি আজি ফোন যোগে খবৰ লাভ কৰে পৰিয়ালৰ লোকে ।

কিন্তু এই কথা মানি ল’ব বিচৰা নাই ছাব্বিৰ আহমেদৰ পৰিয়ালৰ লোকে । ছাব্বিৰক হত্যা কৰা হৈছে বুলিহে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । সেয়ে অসম চৰকাৰক উক্ত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : Bangladeshis arrested on rape charge: ধৰ্ষণৰ অভিযোগত ৩ বাংলাদেশীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.