ETV Bharat / state

কৰিমগঞ্জত জব্দ ইয়াবা টেবলেট

author img

By

Published : Feb 25, 2021, 12:43 PM IST

কৰিমগঞ্জত জব্দ ইয়াবা টেবলেট
কৰিমগঞ্জত জব্দ ইয়াবা টেবলেট

বুধবাৰে বিয়লিৰ ভাগত কৰিমগঞ্জৰ বিএছএফ আৰু সদৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট ৷ গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সীমান্তৰ মোবাৰকপুৰৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় চাৰি হাজাৰ ইয়াবা টেবলেট ৷

কৰিমগঞ্জ,25 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক দিনাই জব্দ হৈ আছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷

বুধবাৰে বিয়লিৰ ভাগত কৰিমগঞ্জৰ বিএছএফ আৰু সদৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ বিপুল পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট ৷ গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সীমান্তৰ মোবাৰকপুৰৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় চাৰি হাজাৰ ইয়াবা টেবলেট ৷ যাৰ বজাৰ মূল্য বহু লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

কৰিমগঞ্জত জব্দ ইয়াবা টেবলেট

কিন্তু আৰক্ষীৰ চকুত ধূলি দি আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ড্ৰাগছখিনি সৰবৰাহৰ লগত জড়িত দুৰ্বৃত্তৰ দলটো ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.