ETV Bharat / state

Police officer attacked in Karimganj : ড্ৰাগছ বিৰোধী অভিযান চলাই আক্ৰমণৰ বলি OC সুৰজ দত্ত

author img

By

Published : Dec 26, 2021, 3:53 PM IST

Updated : Dec 26, 2021, 4:41 PM IST

miscreants-attacked-police-officer-during-anti-drugs-mission
Police officer attacked: ড্ৰাগছ বিৰোধী অভিযান চলাই আক্ৰমণৰ বলি OC সুৰজ দত্ত

ড্ৰাগছ বিৰোধী অভিযানৰত আৰক্ষী বিষয়া দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি (Police officer attacked during anti drug mission ) ৷ কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এদল দুষ্কৃতিকাৰীয়ে । সবিশেষ জানো আহক ৷

কৰিমগঞ্জ, 26 ডিচেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এইবাৰ আক্ৰমণৰ বলি হৈছে খোদ অসম আৰক্ষীৰ এগৰাকী বিষয়া (Police officer attacked during anti drug mission) ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ নিলাম বজাৰ অঞ্চলত ৷ উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান(Anti drugs mission of Assam police)ৰ সময়চোৱাত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে অসম-বাংলাদেশ সীমান্তৱৰ্তী কৰিমগঞ্জ জিলাতো আৰক্ষীয়ে চলাই আছে ধাৰাবাহিক অভিযান ৷

এনে সময়তে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা নিলামবজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এদল দুষ্কৃতিকাৰীয়ে (Miscreants attacked Police officer in Karimganj)। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলী চালনা কৰে । পৰৱৰ্তী সময়ত ইয়াৰে এটা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী ৷ কিন্তু, একে সময়তে এই ঘটনাৰ সৈতে জড়িত আন সকল পলাই সাৰিবলৈ হৈছে বুলি জানিব পৰা গৈছে ।

ড্ৰাগছ বিৰোধী অভিযান চলাই আক্ৰমণৰ বলি OC সুৰজ দত্ত

কৰ্তব্যৰত আৰক্ষী বিষয়া গৰাকী এইদৰে আক্ৰমণৰ বলি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কৰিমগঞ্জ জিলাত ৷

লগতে পঢ়ক : Illigal Liquor Seized : কলিয়াবৰত বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান

Last Updated :Dec 26, 2021, 4:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.