ETV Bharat / state

কৰিমগঞ্জৰ টাউন হলৰ ভৱন নিৰ্মাণৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Dec 22, 2020, 2:10 PM IST

Karimganj Town Hall Foundation stone will be laid by CM Assam etv bharat news
কৰিমগঞ্জৰ টাউন হল

কৰিমগঞ্জত 23-24 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ এই সভাত অংশগ্ৰহণৰ উদ্দেশ্যে বৰাকত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ টাউন হল নিৰ্মাণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ৷

কৰিমগঞ্জ,22 ডিচেম্বৰ: কৰিমগঞ্জবাসীলৈ আহিছে এক সুখবৰ ৷ সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বুধবাৰে আনুষ্ঠানিকভাৱে কৰিমগঞ্জ চহৰৰ মাজমজিয়াত থকা টাউন হলৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দীৰ্ঘদিনৰ পৰা চহৰৰ মাজমজিয়াত পৰিত্যক্ত ৰূপত থকা টাউন হলটো অত্যাধুনিক ৰূপত নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হৈছে ৷

টাউন হল নিৰ্মাণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

এআইডিচিৰ অধ্যক্ষ মিছন ৰঞ্জন দাসৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ আনটাইড পূঁজিৰ পৰা এই হল নিৰ্মাণৰ বাবে 75 লক্ষাধিক টকা মুকলি কৰা হৈছে ৷ মঙলবাৰে জিলা উপায়ুক্তৰ সৈতে এই স্থান পৰিদৰ্শন কৰে এআইডিচিৰ অধ্যক্ষ মিছন ৰঞ্জন দাসে ৷

উল্লেখ্য যে,কৰিমগঞ্জত 23-24 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ এই সভাত অংশগ্ৰহণৰ উদ্দেশ্যে বৰাকত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভৱন নিৰ্মাণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ৷

লগতে চাওকঃ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক চাবলৈ গৈ জনতাই গচকিলে 5 একৰ খেতিপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.