ETV Bharat / state

কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ

author img

By

Published : Mar 3, 2021, 12:51 PM IST

কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ
কৰিমগঞ্জত ইয়াবা টেবলেট জব্দ

কৰিমগঞ্জত জব্দ হৈছে বিপুল পৰিমাণৰ ইয়াবা টেবলেট ৷ কৰিমগঞ্জ সদৰ আৰক্ষীৰ অভিযানত টেবলেটখিনি জব্দ কৰা হৈছে ৷ বিক্ৰীৰ বাবে ড্ৰাগছখিনি আনি থকাৰ সময়তে ব্যৱসায়ী জাকিৰ হুছেইনৰ সৈতে টেবলেটখিনি জব্দ কৰে আৰক্ষীয়ে ৷

কৰিমগঞ্জ,3 মাৰ্চ: এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে নিশা আৰক্ষীয়ে কৰিমগঞ্জ আৰক্ষী থানাৰ অধীনত থকা ঘোঁড়ামৰাৰ পৰা প্ৰায় আঠ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে ৷ বিক্ৰীৰ বাবে আনি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী এজনৰ পৰা টেবলেটখিনি জব্দ কৰে ৷

কৰিমগঞ্জ সদৰ আৰক্ষীৰ অভিযানত টেবলেট খিনি জব্দ হৈছে
কৰিমগঞ্জ সদৰ আৰক্ষীৰ অভিযানত টেবলেট খিনি জব্দ হৈছে

ঘটনা সন্দৰ্ভত জাকিৰ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী গৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে ধৃত জাকিৰৰ পৰা ইয়াবা টেবলেটসমূহ জব্দ কৰে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.