ETV Bharat / state

ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক অসমৰ যুৱক

author img

By

Published : Jan 4, 2020, 2:53 PM IST

Tripura
ত্ৰিপুৰা

ত্ৰিপুৰা হৈ বাংলাদেশলৈ নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ যোগসূত্ৰ বৰাকৰ সৈতে থকাৰ তথ্য প্ৰতিবাৰেই প্ৰমানিত হয় । বৰাকৰ পৰা এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰই চলাই আহিছে নিচাৰ সাম্ৰাজ্য । তেনে সময়তে নিচা জাতীয় সামগ্ৰীৰ সৈতে ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে অসমৰ যুৱকক ৷

কৰিমগঞ্জ, 4 জানুৱাৰীঃ পুনৰ বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰীৰ সৈতে ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে অসমৰ যুৱক ৷ পঞ্চাশ লাখ টকাৰ ইয়াবা টেবলেটৰ সৈতে ত্ৰিপুৰাত আটক হৈছে কৰিমগঞ্জৰ যুৱক ৷ নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰী যুৱকৰ নাম ছালেহ আহমেদ ৷ ছালেহ আহমেদৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ফৰিদকোনা নয়াগ্ৰাম গাঁৱত ৷

ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক অসমৰ যুৱক

ধৃত যুৱকজনৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে 9800 ইয়াবা টেবলেট জব্দ কৰে ৷ তথ্য অনুসৰি উত্তৰ ত্ৰিপুৰা জিলাৰ তাৰকপুৰ এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে ছালেহ আহমেদক বৃহৎ পৰিমানৰ নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাৰেই সফলতাৰ মুখ দেখিবলৈ পায় ত্ৰিপুৰা আৰক্ষীয়ে ৷ আনহাতে অসম আৰক্ষীৰ চকুৰ সন্মুখৰ পৰা অসম সীমান্ত পাৰ হৈ সৰবৰাহকাৰী সকল অনায়াসে কেনেকৈ ত্ৰিপুৰাত প্ৰৱেশ কৰিব পাৰে ইয়াক লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে ৷

লগতে পঢ়ক - গুৱাহাটীত খেলো ইণ্ডিয়া ২০২০ৰ প্ৰস্তুতি তুংগত

Intro:Body:SLUG : HUGE YABA SEIZED. 

ত্ৰিপুৰা হৈ বাংলাদেশলৈ নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ যোগসূত্ৰ বৰাকৰ সৈতে থকাৰ তথ্য  প্ৰতিবাৰেই প্ৰমানিত হয় । বৰাকৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী এটা বৃহত চক্ৰই চলাই আহিছে নিচাৰ সাম্ৰাজ্য । প্ৰতিবাৰেই এই ক্ষেত্ৰত বিফল হয় অসম আৰক্ষী আনহাতে সফল হয় ত্ৰিপুৰা আৰক্ষীয়ে ।

পুনৰ বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰীৰ সৈতে ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিছে অসমৰ যুৱক । এইবাৰ পঞ্চাশ লাখ টকাৰ ইয়াবা টেবলেটৰ সৈতে ত্ৰিপুৰাত আটক হৈছে  কৰিমগঞ্জৰ যুৱক । ধৃত নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰী যুৱকৰ নাম ছালে আহমেদ । ছালে আহমেদৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ফৰিদকোনা নয়াগ্ৰাম গাঁওত ।  যুৱকজনৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিছে 9800 ইয়াবা টেবলেট । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত  উত্তৰ ত্ৰিপুৰা জিলাৰ তাৰকপুৰ এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে ছালে আহমেদ'ক বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰীৰ সৈতে আটক কৰিব'লৈ সক্ষম হয় । ইপিনে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাৰেই সফলতাৰ মুখ দেখিবলৈ পায় ত্ৰিপুৰা আৰক্ষীয়ে, অন্যহাতে অসম আৰক্ষীৰ চকুৰ সম্মুখৰ পৰা অসম সীমান্ত পাৰ হৈ সৰবৰাহকাৰী সকল অনায়াসে ত্ৰিপুৰা প্ৰৱেশ কেনেকৈ কৰিব পাৰে এয়া লৈ সদা  সৰ্বদাৰ  জোৰ চৰ্চা অব্যাহত আছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.