ETV Bharat / state

গুৱাহাটীত খেলো ইণ্ডিয়া ২০২০ৰ প্ৰস্তুতি তুংগত

author img

By

Published : Jan 4, 2020, 12:09 PM IST

10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ৷ এই খেলো ইণ্ডিয়া সমাৰোহত 20 টাকৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব য'ত প্ৰায় 6,500 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

Guwahati
খেলো ইণ্ডিয়া ২০২০

গুৱাহাটী, 4 জানুৱাৰীঃ আগন্তুক 10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ৷ ইতিমধ্যে এই সমাৰোহকলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ উল্লেখ্য যে, এই খেলো ইণ্ডিয়া সমাৰোহত 20 টাকৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব য'ত প্ৰায় 6,500 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

খেলো ইণ্ডিয়া ২০২০ৰ প্ৰস্তুতি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰা অনুসৰি গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবেই তেওঁ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ দেশৰ এই সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি যাতে সাফল্যমণ্ডিত হয়, তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে নিজেই সকলো দিশৰ পৰা এই সমাৰোহৰ তদাৰক কৰিছে । এই সমাৰোহে উঠি অহা খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লগতে সমাৰোহখন সফলতাৰে পাৰ কৰিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত অসমৰ 630 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ অসমৰ এই দলটোৱে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুশীলন চলাই আছে ৷ ইপিনে অসমৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে মেডেল লাভ কৰিব পৰা খেলুৱৈসকলৰ বাবে বিভিন্ন পুৰস্কাৰৰ প্ৰদানৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক - তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা

Intro:অহা ১০ জানুৱাৰীৰ পৰা ১৩দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। ইতিমধ্যেই এই সমাৰোহকলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব। ২০টাকৈ বিভিন্ন প্ৰতিযোগিতাত প্ৰায় ৬,৫০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবেই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ এই সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি যাতে সাফল্যমণ্ডিত হয়, তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে নিজেই তদাৰক কৰিছে সকলো দিশ। এই সমাৰোহে উঠি অহা খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সমাৰোহখন সফলতাৰে পাৰ কৰিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত অসমৰ ৬৩০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। অসম এই দলটোৱে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুশীলন চলাই আছে। অসমৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যেই মেডেল লাভ কৰিব পৰা খেলুৱৈসকলৰ বাবে বিভিন্ন পুৰস্কাৰৰ প্ৰদানৰ কথা ঘোষণা কৰিছে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.