ETV Bharat / state

বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

author img

By

Published : Dec 25, 2020, 5:31 PM IST

First Life line express at Badarpur railway station
বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

লাইফ লাইন এক্সপ্ৰেছৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব ৰেল বিভাগে ৷ বিশেষ ৰেলখনত আছে বিভিন্ন অত্যাধুনিক চিকিৎসা সামগ্ৰী ৷

কৰিমগঞ্জ, 25 ডিচেম্বৰ : অৱশেষত কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচন আহি পালে লাইফ লাইন এক্সপ্ৰেছে ৷ অহা 5 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰ ৰেলৱে' ষ্টেচনত ৰাইজৰ মাজত প্ৰদান কৰিব বিনামূলীয়া স্বাস্থ্য সেৱা ৷

First Life line express at Badarpur railway station
বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

উল্লেখ্য যে, লাইফ লাইন এক্সপ্ৰেছৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব ৰেল বিভাগে ৷ এই লাইফ লাইন এক্সপ্ৰেছত আছে দুটাকৈ অত্যাধুনিক অস্ত্ৰোপচাৰ থিয়েটাৰ, ভেন্টিলেচন, দুটাকৈ ডেন্টেল ক্লিনিক, চনোগ্ৰাফী, এক্সৰে' লগতে আন সুবিধা ৷ বিশেষ ৰেলখনত আছে বিভিন্ন অত্যাধুনিক চিকিৎসা সামগ্ৰী ৷ ৰেল বিভাগৰ এই বিশেষ ৰেলখন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত আহি উপস্থিত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে বৰাকৰ ৰাইজ ৷

লগতে পঢ়ক: কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.