ETV Bharat / state

Clash over divorce: আৰক্ষী অধীক্ষকৰ কাৰ্যালয় পালেগৈ স্বামী স্ত্ৰীৰ কাজিয়া

author img

By

Published : Jul 26, 2023, 1:16 PM IST

Clash over divorce
গৃহ কন্দল

পত্নীয়ে বিচাৰিছে একেলগে থাকিবলৈ, কিন্তু ভৱিষ্যতৰ কথা ভাবি স্বামীয়ে ভাবিছে আঁতৰি থকাটোৱেই শ্ৰেয় ৷ বিয়াৰ এবছৰ নৌহওঁতেই গৃহ কন্দলেৰে এই পৰ্যায় পালেগৈ এখন বিয়া ৷

দৰাৰ মন্তব্য

কৰিমগঞ্জ, 26 জুলাই: দৰা আৰু কইনাৰ কাজিয়া পালেগৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷ দুয়োটা পৰিয়াল পালেগৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় । দৰা কইনাৰ পৰিয়ালৰ কাজিয়াৰ মীমাংসা কৰিবলৈ গৈ বিপাঙত পৰিল ডিএছপি জেমছ ছাঙাতে । কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ছাঙাতেৰ কাৰ্যালয়ৰ ভিতৰত সেইয়া আপোনালোকে ভিডিঅ’টি সম্পূৰ্ণকৈ চালেহে অনুমান কৰিব পাৰিব ৷

তালাকক লৈ সংঘাতৰ সৃষ্টি হয় দুই পৰিয়ালৰ মাজত ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কাজিয়াৰ মীমাংসা কৰাৰ সময়ত স্বামীৰ চাৰ্ট গেঞ্জি ফালি দিয়ে স্ত্ৰীয়ে । প্ৰায় ছমাহ পূৰ্বে বিয়াত বহা এই স্বামী আৰু স্ত্ৰীৰ মাজত লগা কাজিয়াই এনে ৰূপ লয়গৈ যে দুয়োটা পৰিয়ালে থানাত এজাহাৰ দিবলগীয়া হয় ৷

এজাহাৰ দিয়াৰ পিচত আৰক্ষী অধীক্ষকে দুয়োটা পৰিয়ালকে থানাত হাজিৰ হ’বলৈ কৈছিল ৷ সেই মতেই বিচাৰৰ বাবে উপস্থিত হৈছিল দুয়োপক্ষ । তেতিয়াই স্বামী আৰু স্ত্ৰীৰ মাজত টনাটনি লাগে ৷ স্ত্ৰীয়ে কোনোমতেই স্বামীক এৰি দিব বিচৰা নাই, সেই দৃশ্য ভিডিঅ’ত স্পষ্ট ৷ জোৰ জোৰকৈ কন্দাকটা কৰি চিঞৰ-বাখৰ কৰিছে স্ত্ৰীয়ে ৷

স্বামীৰ পৰিয়ালে ওলোটাকৈ স্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ অভিযোগ দিয়াৰ ফলত আন এক পৰিস্থিতিৰ উদ্ভৱ হয় । চিঞৰি চিঞৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে মূৰ্চ্ছা যায় স্ত্ৰী । আৰক্ষী আৰু পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক গাড়ীত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে, স্বামী-স্ত্ৰীয়ে নিজৰ মাজত হোৱা মতানৈক্যক লৈ বিচাৰৰ বাবে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈছিল । মহিলাৰ পিতৃৰ অভিযোগ মতে, স্বামী আবু বক্কৰ চৌধুৰী আৰু শহুৰেক আব্দুল ৰহিম চৌধুৰীয়ে মানসিক অত্যাচাৰ চলাই গৈছিল তেওঁৰ কন্যাৰ ওপৰত দীৰ্ঘদিনৰ পৰা । দৰাৰ পিতৃ এজন অৱসৰ প্ৰাপ্ত সেনা বিষয়া আৰু কইনাৰ পিতৃ আছাম ৰাইফলছৰ অৱসৰ প্ৰাপ্ত জোৱান ।

মঙলবাৰে অভিযোগ প্ৰতি অভিযোগৰ বিষয় লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মীমাংসাৰ বাবে উপস্থিত হওঁতেই সৃষ্টি হয় এই পৰিস্থিতিৰ । স্বামী স্ত্ৰীৰ কাজিয়াত উত্তপ্ত হৈ পৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় । বিবাহৰ ছমাহ নৌহওঁতেই কৰিমগঞ্জৰ ফকিৰাবজাৰৰ দৰা আৰু ভাংগা এলেকাৰ কইনাৰ পৰিয়ালৰ মাজত পৰিয়াল তান্ত্ৰিক বিষয়ক লৈ সৃষ্টি হোৱা কাজিয়াৰ কথা হৈ যায় ৰাজহুৱা ।

লগতে পঢ়ক : Anti drugs mission: ড্ৰাগছ নগদ ধনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.