ETV Bharat / state

Attack on Karimganj: কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা

author img

By

Published : Apr 9, 2023, 7:40 AM IST

কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা ৷ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি আক্ৰমণৰ বলি হ'ল এজন ৷ ৰাতিৰ আন্ধাৰত দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি সমাজকৰ্মী নাজিম উদ্দিন (Attack on Karimganj) ৷

Attack on Karimganj
কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ ঘটনা

কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা

কৰিমগঞ্জ, 9 এপ্ৰিল: কৰিমগঞ্জৰ বাৰিগ্ৰামত সংঘটিত হৈছে চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা ৷ ঘটনাক লৈ বাৰিগ্ৰামত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি আক্ৰমণৰ বলি হ'ল এজন ৷ ৰাতিৰ আন্ধাৰত দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ'ল সমাজকৰ্মী নাজিম উদ্দিন (Attack on Karimganj) ৷

ঘটনা অনুসৰি কৰিমগঞ্জৰ বাৰিগ্ৰামত হাজী আবু বকৰ ছিদ্দিকৰ কনিষ্ঠ ভাতৃ তথা সমাজকৰ্মী নাজিম উদ্দিনক ঘৰৰ সমীপতে বচলাৰ যুৱক আব্দুল কালামৰ নেতৃত্বত এদল দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ অভিযোগ অনুসৰি চেৰাগী অঞ্চলত কেইবাজনো যুৱকে আশ্ৰয় লৈ অবৈধভাৱে হাঁহ-কুকুৰাৰ ফাৰ্ম খুলি দীৰ্ঘদিনৰ পৰা সেই অঞ্চলত বিভিন্ন অসামাজিক কাৰ্যকলাপ চলাই আহিছিল ৷ কেইদিনমান পূৰ্বে এই অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতিছিল সমাজকৰ্মী নাজিম উদ্দিনে ৷ ইয়াৰ বাবেই আব্দুল কালামৰ নেতৃত্বত এটা দুষ্কৃতিকাৰীৰ দলে মাজনিশা চোকা ব্লেডেৰে আক্ৰমণ চলাই নাজিম উদ্দিনৰ ওপৰত ৷ ঘটনাত গুৰুতৰভাৱে আহত হয় নাজিম উদ্দিন (Brutal Attack on a Social Worker in Karimganj) ৷

পৰৱৰ্তী সময়ত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি সেই স্থানত উপস্থিত হয় আৰক্ষী ৷ ঘটনাস্থলীত উপস্থিত হৈ বৰিগ্ৰাম আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ এই আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰিছে ৷ আটকাধীন ব্যক্তিজনৰ নাম হৰিশ আলী বুলি জানিব পৰা গৈছে (Attack on Social worker in Karimganj) ৷

আহত নাজিম উদ্দিনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Brutal Attack on Karimganj) ৷ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়ত সমবেত হয় শ শ লোক ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ এই ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Tense situation during Ifter: ধূপগুৰি জামে মছজিদৰ ইফটাৰ মেহফিলত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.