ETV Bharat / state

MLA Nizam Uddin Choudhury:আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে লাভ কৰিলে জামিন

author img

By

Published : Jul 4, 2023, 8:54 PM IST

সকলো জল্পনা-কল্পনাৰ অন্তত আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে জামিন লাভ কৰিলে । বিধায়ককে ধৰি কৰ্মী সমৰ্থক মহলৰ মাজত দেখিবলৈ পোৱা গৈছে উলাহ ৷

MLA Nizam Uddin Choudhury
নিজাম উদ্দিন চৌধুৰীয়ে লাভ কৰিলে জামিন

নিজাম উদ্দিন চৌধুৰীয়ে লাভ কৰিলে জামিন

কৰিমগঞ্জ, 4 জুলাই : আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে লাভ কৰিলে জামিন ৷ গ্ৰেপ্তাৰ হোৱাৰ পিচৰে পৰা অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিধায়ক নিজাম উদ্দিন চৌধুৰী ৷ ১৪৪ ঘন্টাৰ অন্তত জামিন লাভ কৰিলে AIUDF ৰ বিতৰ্কিত বিধায়কজনে ৷ ২৮ জুনত পাচগ্ৰাম আৰক্ষী থানাৰ অ’চিয়ে এটা গোচৰত বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰি আদালতত চমজাই দিয়ে । কাৰাগাৰৰ জিম্মাত চিকিৎসাধীন হৈ আছিল বিধায়ক চৌধুৰী ৷

অভিযোগ মতে, বাৰ্মিজ বেটেল বাদামত আৰক্ষীৰ গোপন বুজাবুজি উদঙাই দিয়াৰ বাবে বিধায়কজনক ফ্ৰেম কৰা হৈছিল ! আৰক্ষীয়ে বিধায়ক চৌধুৰীক দীৰ্ঘদিনৰ বাবে আটক কৰিব নোৱাৰিলে, ১৫০ ঘণ্টাৰ ভিতৰতে বিধায়কজনৰ জামিন মঞ্জুৰ কৰা হ’ল ।

জামিন লাভৰ খবৰ পাই চিকিৎসাধীন হৈ থকা বিধায়ক নিজাম চৌধুৰীয়ে সমৰ্থক আৰু অনুগামীৰ সৈতে স্বস্তিৰে নিশ্বাস পেলায় । প্ৰসংগক্ৰমেঃ হাইলাকান্দি জিলাৰ পঞ্চগ্ৰাম থানাত ৫৯/২৩ নম্বৰত ৰুজু হোৱা গোচৰত বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল । বিধায়ক নিজামৰ বিৰুদ্ধে কাটাখাল আৰক্ষীৰ আউট পোষ্টৰ কৰ্তব্যভাৰত বাধা দিয়াৰ লগতে এজন ব্যক্তিৰ গাড়ী ভাঙি পেলোৱাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছে ।

গ্ৰেপ্তাৰৰ পিচতে বিধায়ক নিজামৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক কাৰাগাৰৰ জিম্মাত হাইলাকান্দি জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ১ জুলাইত যেতিয়া বিধায়ক নিজামে জামিনৰ বাবে আৱেদন কৰিছিল তেতিয়া হাইলাকান্দিৰ অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ কে এল বৈষ্ণবে জামিন আবেদন স্থগিত ৰাখি ৪ জুলাইত শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰি গোচৰৰ ডায়েৰী আৰক্ষীৰ পৰা চমন কৰিছিল ।

আজি আৰক্ষীয়ে গোচৰৰ ডায়েৰীখন আদালতক গতাই দিয়ে নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও আজি মাননীয় ন্যায়াধীশে বিধায়কজনক সকাহ দিলে । শেহতীয়া খবৰ অনুসৰি বিধায়ক নিজাম চৌধুৰী এতিয়াও চিকিৎসাধীন হৈ আছে । জামিনৰ পিচত মুক্তিৰ প্ৰক্ৰিয়া চলি আছে, চিকিৎসকে মুকলি কৰি দিলে আজি ঘৰলৈ উভতি যাব পাৰে বিধায়ক চৌধুৰী ।

লগতে পঢ়ক : Constituency delimitation:সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে সৰৱ বিৰোধী ঐক্য মঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.