ETV Bharat / state

Constituency delimitation:সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে সৰৱ বিৰোধী ঐক্য মঞ্চ

author img

By

Published : Jul 3, 2023, 11:05 PM IST

বৰাকত বিৰোধী ঐক্য মঞ্চৰ দলীয় প্ৰতিনিধিয়ে কটাক্ষ কৰিলে সীমা নিৰ্ধাৰণৰ সিদ্ধান্তক ৷

constituency delimitation
বিৰোধী ঐক্য মঞ্চৰ সভা

বিৰোধী ঐক্য মঞ্চৰ সভা

কৰিমগঞ্জ, 3 জুলাই : হাইলাকান্দি, কৰিমগঞ্জ আৰু আজি শিলচৰত সীমা নিৰ্ধাৰণ সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয় ৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ অজিত ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, তৃণমূল ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, মিছবাহুল ইছলাম লস্কৰ, কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পাল, আতাউৰ ৰহমান মাঝাৰভূঞা, খলিল উদ্দিন মজুমদাৰ, শান্তি কুমাৰ সিঙৰ লগতে উপস্থিত আছিল বিভিন্ন দল-সংগঠনৰ কৰ্মী ।

বৰাকলৈ আহি চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে । সীমা নিৰ্ধাৰণে এ আই ইউ ডি এফৰ ৰাজনৈতিক ভৱিষ্যত নিশ্চিত কৰিছে বুলিও তেওঁ কয় । লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত । এই সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এক শক্তিশালী আন্দোলন গঢ়ি তুলিব লাগে বুলিও তেওঁ কয় । সাংসদ অজিত কুমাৰ ভূঞা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে আজমলৰ লগত আলোচনা কৰি সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ৰকিবুল হুছেইনে কয় যে যদি এই সীমা নিৰ্ধাৰণৰ আঁৰত বহ্মপুত্ৰ উপত্যাকাৰ জনসাধাৰণৰ অন্যায় আৰু ক্ষতি হৈছে তেন্তে বৰাক উপত্যকাৰ জনসাধাৰণৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে । বৰাকৰ জনসংখ্যা অনুসৰি ১৮ খন বিধানসভাৰ আসন ১৫ ৰ পৰা ১৩লৈ হ্ৰাস কৰা হৈছে । এয়া বৰাকৰ উন্নয়নৰ বাবে চিন্তাৰ বিষয় । লগতে মুখ্যমন্ত্ৰী আৰু আজমলে বিচৰা ধৰণে সুফল পোৱাৰ বাবে অতি সুখী বুলিও তেওঁ কয় । ৰাইজৰ অসুবিধাক লৈ তেওঁলোকৰ চিন্তা নাই, আজমল মুখ্যমন্ত্ৰীৰ বি টিম ।

সভাত বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে অসমৰ মুখ্যমন্ত্ৰী ছিণ্ডিকেটৰ ৰজা বুলি মন্তব্য কৰে । এই সীমা নিৰ্ধাৰণৰ নিৰ্দেশৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে নিজৰ দলক শক্তিশালী কৰিবলৈ আগবাঢ়িছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমান বিভাজনৰ ৰাজনীতি কৰিছে ।

আজি বিভিন্ন দল-সংগঠনে সীমা নিৰ্ধাৰণ সম্পৰ্কীয় স্মাৰক পত্ৰ প্ৰতিনিধি দলৰ ওচৰত দাখিল কৰে । সাংসদ সুস্মিতা দেৱ আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ো ভাষণ প্ৰদান কৰে । তেওঁলোকে কয় যে সীমা নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰা উচিত। কোনো ধৰণে সীমা নিৰ্ধাৰণ গ্ৰহণ কৰা নহ’ব । সকলোৱে আন্দোলনত যোগদান কৰক । কমলাক্ষ দে পুৰকায়স্থই কয়, মুখ্যমন্ত্ৰী এজন ভীৰু ব্যক্তি । তেওঁ নিজৰ স্বাৰ্থত এই সীমা নিৰ্ধাৰণ কৰিছিল । তেওঁ কয় যে সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে আন্দোলন গণতান্ত্ৰিকভাৱে গঢ়ি তুলিব লাগে । বৰাক উপত্যকাৰ পৰা বিধানসভা দুখন বাদ পৰাৰ কথাটো বিৰোধী দলসমূহে মানি নলয় ৷

লগতে পঢ়ক : Constituency delimitation: বৰাকত পূৰ্বৰ আসনৰ সংখ্য়া বাহাল ৰাখিবলৈ দাবী বিৰোধী ঐক্য মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.