ETV Bharat / state

Website launched for forest department:ডিফুত বনবিভাগৰ ৰাজহ সংগ্ৰহৰ বাবে ৱেবছাইট মুকলি

author img

By

Published : Jul 10, 2023, 8:58 PM IST

বনবিভাগৰ ৰাজহ সংগ্ৰহৰ বাবে ৱেবছাইট মুকলি কৰিলে মুখ্য কাৰ্যবাহী সদস্য ড: তুলিৰাম ৰংহাঙৰ

Website launched for forest department revenue collection
ৱেবছাইট মুকলি

বনবিভাগৰ ৰাজহ সংগ্ৰহৰ বাবে ৱেবছাইট মুকলি

ডিফু, ১০ জুলাই: এতিয়াৰে পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বনবিভাগৰ সকলো ধৰণৰ ৰাজহ সংগ্ৰহ পদ্ধতি অনলাইন প্ৰক্ৰিয়াৰে সম্পন্ন হ’ব ৷ সোমবাৰে ডিফুৰ আৰব’ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সভা কক্ষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড: তুলিৰাম ৰংহাঙে আনুষ্ঠানিক ভাবে মুকলি কৰে www.assamforestonline.in নামৰ ৱেৱছাইটটো ৷

Website launched for forest department revenue collection
বনবিভাগৰ ৰাজহ সংগ্ৰহৰ বাবে ৱেবছাইট মুকলি

সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেঙ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, পৰিষদৰ কেইবাগৰাকী ই এম, এম এ চি আৰু বনবিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মীৰ উপস্থিতিত মুকলি কৰা হয় এই অনলাইন ৱেবছাইটটো ৷ ৱেৱছাইটটো সন্দৰ্ভত উপস্থিত থকা সকলক পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ সহায়ত বুজাই দিয়া হয় ৷

বন বিভাগৰ অংশীদাৰসকলে ৰাজহ জমাকে ধৰি, বালি, শিল, কাঠ আদিৰ টিপি চালান আদি এই ৱেৱছাইটৰ জৰিয়তে সহজে অনলাইন কৰিব পাৰিব বুলি অৱগত কৰে কৰ্তৃপক্ষই ৷ অৱশ্যে উল্লেখিত ৱেৱছাইটো অসমৰ পৰিৱৰ্তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে সুকীয়াকৈ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ ইয়াৰ বাবে পৰিষদৰ অধীনস্থ বনবিভাগৰ বিষয়া-কৰ্মী সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিভাগসমূহত ই-গৰ্ভনেন্স পদ্ধতি প্ৰচলনৰ স্বাৰ্থত বনবিভাগৰ ৰাজহ সংগ্ৰহ বাবে আজি এই অনলাইন পদ্ধতি মুকলি কৰা হৈছে ৷ ক্ৰমান্বয়ে পৰিষদৰ অধীনস্থ ত্ৰিশটা বিভাগৰ সকলো কাম -কাজ অনলাইন পদ্ধতিৰে কৰাৰ ব্যৱস্থা কৰা হ’ব ৷ কাৰ্যালয়লৈ নোযোৱাকৈ সকলো বিভাগৰ ৰাজহকে ধৰি অন্যান্য কাম-কাজ অনলাইন পদ্ধতিৰে কৰা হ’ব বুলি কয় ৰঙহাঙে ৷ আপত্তি, বালি মহল, শিল মহলৰ আৱণ্টন আদি কাম সমূহ অনলাইনৰ জৰিয়তেই কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক : Karbi nationalist youth council hold press meet:কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.