ETV Bharat / state

Karbi nationalist youth council hold press meet:কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ

author img

By

Published : Jul 8, 2023, 9:59 PM IST

karbi nationalist youth council
সংবাদমেল

দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচীৰ অনুমতি নিদিয়াত ক্ষুব্ধ যুৱ সংগঠন কাৰ্বি নেচনেলিষ্ট যুথ কাউন্সিল ।

সংবাদমেল

ডিফু, 8 জুলাই : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত ব্যাপক দুৰ্নীতি আৰু স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি নেচনেলিষ্ট যুথ কাউন্সিল নামৰ যুৱ সংগঠনটোৱে ৷ শনিবাৰে ডিফুত সংগনটোৱে এখন সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ ৩০ টা বিভাগতেই ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰে । পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগঠনটোৱে বিগত বৰ্ষত এমাহজোৰা আন্দোলন কৰি বিহিত ব্যৱস্থা ল’বলৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰিছিল ৷

এমাহজোৰা আন্দোলনৰ কথা উল্লেখ কৰি সংগঠনটোৱে কয় যে, পৰিষদে এইক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে । পৰিষদত এতিয়া ব্যাপক অনিয়ম আৰু স্বজন-প্ৰীতি চলে ৷ এই অভিযোগ তুলি সংগঠনটোৱে কয় যে সাধাৰণ জনতাই এতিয়া প্ৰয়োজনীয় ঔষধ পাতি ক্ৰয় কৰিবলৈও ৰাজনীতিবিদৰ কাষলৈ যাব লাগে । উন্নয়নৰ নামত জিলাখনত কেৱল লুণ্ঠন চলাৰ কথা উল্লেখ কৰি কয় যে একাংশ নেতাৰ আত্মীয়-স্বজন আৰু ধনী শ্ৰেণীৰ লোকেহে এতিয়াৰ পৰিষদৰ সকলো কাম-কাজৰ অনুমোদন লাভ কৰে । যাৰ ফলত পাহাৰত ধনী-দুখীয়াৰ মাজত ব্যৱধান অভাৱনীয় হাৰত বৃদ্ধি পাইছে ।

কেৱল ৰাস্তা-ঘাট নিৰ্মাণকে উন্নয়ন বুলিব নোৱাৰি বুলি উল্লেখ কৰি সকলো ক্ষেত্ৰত সম বিকাশ আৰু নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত স্বজন-প্ৰীতিৰ দুৰ্নীতি নিৰ্মূল হ’লহে প্ৰকৃত উন্নয়ন সম্ভৱ হ’ব বুলি মত প্ৰকাশ কৰে সংগঠনটোৰ নেতাই । পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এখন পত্ৰ প্ৰেৰণ কৰি অৱগত কৰিছিল বুলি উল্লেখ কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে কেৱল পত্ৰ প্ৰেৰণ কৰিলেই নহ’ব বুলি জানিবলৈ দি ইয়াৰ বাবে পূৰ্বে অনুমতি ল’ব লাগিব বুলি উল্লেখ কৰা সন্দৰ্ভত সংগঠনটোৱে কয় যে এয়া বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ ।

সংবিধান প্ৰদত্ত মত প্ৰকাশৰ স্বাধীনতা আৰু প্ৰতিবাদ কৰাৰ স্বাধীনতা বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মষিমূৰ কৰা বুলি উল্লেখ কৰি বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই বিভিন্ন আইনী মেৰপেচৰ গণ্ডিলৈ সুমুৱাই হাৰাশাস্তি কৰে বুলিও অভিযোগ আনে । পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি উল্লেখ কৰি এনে প্ৰতিবাদৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দায়ী হ'ব বুলিও উল্লেখ কৰে । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বাসগৃহলৈ যোৱা পথটো বৰ্তমান জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰি পৰিষদত কেৱল এতিয়া দুৰ্নীতি চলা বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : Press meet on uniform civil code:ইউনিফৰ্ম চিভিল ক’ড মানি ল’ব বিচৰা নাই জনজাতীয় লোকসকলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.