ETV Bharat / state

Press meet on uniform civil code:ইউনিফৰ্ম চিভিল ক’ড মানি ল’ব বিচৰা নাই জনজাতীয় লোকসকলে

author img

By

Published : Jul 4, 2023, 10:58 PM IST

ইউনিফৰ্ম চিভিল ক’ড প্ৰৱৰ্তনে জনজাতীয় লোকসকলৰ বাবে বিপদ মাতিব ৷ কাৰ্বি-ডিমাছাকে ধৰি সকলো জনজাতীয় লোকৰে কৃষ্টি-সংস্কৃতি, পৰম্পৰা, অধিকাৰ সাংবিধানিক সুৰক্ষাৰ দাবী জনাই ইউনিফৰ্ম চিভিল ক’ড সন্দৰ্ভত এএছডিচিৰ সংবাদমেল ।

ASDC hold press meet on uniform civil code
সংবাদমেল

সংবাদমেল

ডিফু, 4 জুলাই : কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল ক’ড ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ পাহাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে সোমবাৰে ডিফুত এক সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে বুলি উল্লেখ কৰি কয় যে, ইউনিফৰ্ম চিভিল ক’ডৰ জৰিয়তে কাৰ্বি, ডিমাছা আৰু পাহাৰত বাস কৰা জনজাতীয় সকলৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা, অধিকাৰ আদি খৰ্ব হ’ব ।

এই ইউনিফৰ্ম চিভিল ক’ড প্ৰৱৰ্তনে পাৰ্বত্য জনজাতীয় লোকসকলৰ ক্ষতি সাধন কৰিব । কাৰ্বিসকল অতীজৰে পৰা স্বাধীনভাৱে জীয়াই থকা এটা জাতি বুলি উল্লেখ কৰি ১৮৩৮ চনত ব্ৰিটিছ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত ভাৰতীয় মূল সুঁতিত অন্তৰ্ভুক্ত কৰা বুলি দলটোৱে দাবী কৰে সংবাদমেলত । ব্ৰিটিছে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিলেও কাৰ্বি, ডিমাছা আৰু জনজাতীয় লোকসকলে নিজা সংস্কৃতি, সামাজিক পৰম্পৰা চৰ্চা অব্যাহত ৰাখিছিল ।

অসমৰ অন্তৰ্ভুক্ত এই তিনিখন পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ক্ৰমে কাৰ্বি, ডিমাছা, জেমি, নাগা, মাৰ, তিৱা, পাইটে, ৰেংমা, কুকি আদি পাৰ্বত্য জনগোষ্ঠীয় লোকে বাস কৰি আহিছে । এই সকলো সম্প্ৰদায়ৰ নিজা নিজা কৃষ্টি-সংস্কৃতি, সামাজিক আৰু সামাজিক ৰীতি- নীতি প্ৰচলিত হৈ আহিছে । ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ সময়ৰে পৰা কাৰ্বি তথা জনজাতীয় লোকসকলে দেশৰ প্ৰগতি আৰু উন্নয়নত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি ১৯১৯ চনত ব্ৰিটিছ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ লগতে নাগা, মিজো, খাচী, জয়ন্তীয়া আৰু গাৰো সকলক পিচপৰা জনগোষ্ঠী হিচাপে আখ্যা দি সংৰক্ষণ প্ৰদান কৰিছিল ।

১৯৩৫ চনৰ আইন অনুসৰি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল । সংবিধান প্ৰণয়ন কৰাৰ সময়তো ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰি জনজাতীয় লোকসকলক সুৰক্ষা প্ৰদান কৰা হৈছিল । একেদৰে ১৯৬৩ চনত নাগালেণ্ড গঠনৰ সময়ত অনুচ্ছেদ ৩৭১ A আৰু ১৯৮৭ চনত ৩৭১ G অনুচ্ছেদৰ জৰিয়তে ৰাজ্য গঠন কৰি দুয়োখন ৰাজ্যৰ জনজাতীয় লোকসকলৰ সামাজিক, ধাৰ্মিক আৰু পৰম্পৰাগত আইন, ভূমি আইনৰ জৰিয়তে অধিকাৰ প্ৰদান কৰা হৈছিল ।

কেন্দ্ৰীয় চৰকাৰে বৰ্তমান বলৱৎ কৰিব বিচৰা এই আইনে জনজাতীয় লোকসকলৰ ক্ষতি সাধন কৰিব বুলি উল্লেখ কৰি দলটোৱে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক এই আইনৰ পৰা বাহিৰত ৰখাৰ আহ্বান জনাইছে । ইয়াৰ লগতে দলটোৱে কয় যে, নাগালেণ্ড আৰু মিজোৰাম গঠনৰ দৰে কাৰ্বি আংলং আৰু আন দুয়োখন পাৰ্বত্য জিলাৰ জনতাক সুৰক্ষা প্ৰদান কৰিব লাগে ।

লগতে পঢ়ক : Solar Power Plant at Karbi Anglong: কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত স্থাপন হ’ব চাৰি হেজাৰ কোটি টকীয়া সৌৰশক্তি প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.