ETV Bharat / state

Solar Power Plant at Karbi Anglong: কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত স্থাপন হ’ব চাৰি হেজাৰ কোটি টকীয়া সৌৰশক্তি প্ৰকল্প

author img

By

Published : Jul 1, 2023, 11:17 AM IST

কাৰ্বি-আংলং জিলাত স্থাপন হ’ব চাৰি হেজাৰ কোটি টকীয়া, দেশৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প ৷ এই সন্দৰ্ভত সংবাদমেল সম্বোধন কাৰ্বি-আংলং স্বায়ত্বশাসিত পৰিষদৰ ৷

Solar Power Plant to be Built in Karbi Anglong
কাৰ্বি-আংলঙত স্থাপন হ’ব সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প

কাৰ্বি-আংলঙত স্থাপন হ’ব সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প

ডিফু, 30 জুন: কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত স্থাপন হ’ব চাৰি হেজাৰ কোটি টকীয়া দেশৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প ৷ স্থাপিত হ’বলগীয়া চাৰি হেজাৰ কোটি টকীয়া সৌৰ শক্তি প্ৰকল্পক কেন্দ্ৰ কৰি কাৰ্বি-আংলং জিলাত এচাম লোকে ৰাজনৈতিক সুবিধাৰ বাবে অপ-প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি শুকুৰবাৰে কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদে এখন সংবাদমেল সম্বোধন কৰে ৷

পৰিষদৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ', কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, পৰিষদৰ সচিব দৰচিং ৰংহাঙে সম্বোধন কৰা সংবাদমেলত কয় যে, অসম-নাগালেণ্ড সীমান্তত পৰিত্যক্ত ওঠৰ হেজাৰ বিঘা ভূমি পৰিষদে এপিডিচিএলক আৱণ্টন দিছে ৷ কিন্তু একাংশ লোকে এই ভূমি কাৰ্বি- আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্ৰ আৰু পত্নী, ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰচিং তিচ,' পৰিষদৰ ৰাজহ বিভাগৰ সচিবৰ লগতে পৰিয়ালৰ নামত পট্টা থকা বুলি মিছা অপ-প্ৰচাৰ চলাইছে বুলি কয় তেওঁলোকে ৷ কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ এই পৰিত্যক্ত ভূমি সমূহত কোনো লোকৰ পট্টা নাই বুলি দাবী কৰি সংবাদমেলত তেওঁলোকে কয় যে, এই ভূমি সম্পূৰ্ণৰূপে কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ৷

পৰিষদৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ গাঁও সমূহ এই প্ৰকল্পৰ পৰা বাহিৰত ৰখা হৈছে বুলি জনায় তেওঁলোকে ৷ এই প্ৰকল্প নিৰ্মাণৰ ফলত দাঁতি কাষৰীয়া গাঁও সমূহৰ কোনো ক্ষতি নহয় বুলি উল্লেখ কৰি ছোট লেংৰী, বৰ লেংৰী, লালমাটি, লাহৰিজান, কাৰাগাঁও অঞ্চল সামৰি এই ওঠৰ হেজাৰ বিঘা ভূমি আৱণ্টন দিয়া হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে পৰিষদৰ বিষয়ববীয়া কেইজনে ৷ যদি প্ৰকল্পৰ অধীনত কোনো গাঁও অথবা ব্যক্তিৰ পট্টা মাটি অন্তৰ্ভূক্ত হয় তেনেহ’লে পৰিষদে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে বিষয়ববীয়া কেইজনে ৷

এই প্ৰকল্প দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ সৌৰ প্ৰকল্প বুলি উল্লেখ কৰি ইয়াৰ 80 শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে 20 শতাংশ ব্যয় বহন কৰিব বুলি সদৰি কৰে তেওঁলোকে ৷ প্ৰকল্পৰ পৰা উৎপাদিত সৌৰ শক্তিৰ জৰিয়তে উপাৰ্জন কৰা ধনৰ 10 শতাংশ কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ হিচাপে লাভ কৰিব বুলি প্ৰকাশ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত কাৰ্বি-আংলং জিলাৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলিও সংবাদমেলত ব্যক্ত কৰে ৷ লগতে প্ৰকল্প স্থলীৰ সমীপৰ গাঁও সমূহে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিব বুলিও প্ৰকাশ কৰে তেওঁলোকে ৷ এই প্ৰকল্পৰ জৰিয়তে আন্তঃৰাজ্যিক সীমান্ত সুৰক্ষিত হোৱাৰ লগতে অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা চলি থকা ভূমি বেদখলৰ সমস্যাও সমাধান হ’ব বুলিও পৰিষদে দাবী কৰে ৷

লগতে পঢ়ক: Bihu World Record: বিশ্ব অভিলেখ গঢ়া কাৰ্বি আংলঙৰ বিহুৱা-বিহুৱতীক মাননি প্ৰদান মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.