ETV Bharat / state

কাৰ্বি-আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰ্যটন বিভাগটো এটা ব্যৰ্থ বিভাগ: উছুকা

author img

By

Published : May 18, 2021, 10:44 PM IST

কাৰ্বি-আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পৰ্যটন বিভাগটো ব্যৰ্থ বিভাগ বুলি অভিযোগ কৰে উছুকাই ৷ জিলাখনত বিভিন্ন প্ৰান্তত সৰু বৰ বহুতো জলপ্ৰপাত, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য, নানান জীৱ-জন্তুৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষীৰে পৰিপূৰ্ণ হৈ আছে ৷ পৰ্যটন বিভাগৰ অৱহেলা, অদূৰদৰ্শিতাৰ বাবে পৰ্যটনৰ আকৰ্ষনীয় ক্ষেত্ৰ হিচাপে গঢ় দিয়াত ব্যৰ্থ ৷

usuka press meet on tourism department
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পৰ্যটন বিভাগটো এটা ব্যৰ্থ বিভাগ : উছুকা

ডিফু, ১৮ মে': অসমৰ পাৰ্বত্য তথা সৰ্ববৃহৎ জিলা কাৰ্বি-আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পৰ্যটন বিভাগটো হৈছে সকলোতকৈ ব্যৰ্থ পৰ্যটন বিভাগ । জিলাখনত বিভিন্ন প্ৰান্তত সৰু বৰ বহুতো জলপ্ৰপাত, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য, নানান জীৱ-জন্তুৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষীৰে পৰিপূৰ্ণ হৈ আছে যদিও একমাত্ৰ পৰ্যটন বিভাগটোৰ অৱহেলা, অদূৰদৰ্শিতাৰ বাবে পৰ্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰ হিচাপে গঢ় দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিভাগটো । এই গুৰুতৰ অভিযোগ ইউনাইটেড ষ্টুডেন্টছ ইউনিয়ন অফ্ কাৰ্বি আংলং চমুকৈ উছুকাৰ ।

usuka press meet on tourism department
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত পৰ্যটন বিভাগটো এটা ব্যৰ্থ বিভাগ : উছুকা

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন "উছুকাই" জন্ম লগ্নৰে পৰা জিলা দুখনৰ বিভিন্ন সমস্যা, পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে । মঙলবাৰে ৰাতিপুৱাৰ ভাগত জিলা খনৰ লাংহিন নগৰস্থিত লাংহিন বহুমুখী সমবায় সমিতিৰ পৰিদৰ্শন বঙলাত এক সংবাদ মেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো বিভাগটোৰ ওপৰত এক তদন্ত চলাবলৈ আহ্বান জনায় সংগঠনটোৱে ।

তদুপৰি, বিভাগটোৰ ১৫ লাখ টকীয়া এখন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দেখা দিয়া ব্যতিক্ৰমৰ বাবে তদন্ত কৰিবলৈ ডকমকা আৰক্ষী থানাত ১০/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে "উছুকা"ৰ হৈ সভাপতি বিভীষণ টেৰণ আৰু সাধাৰণ সম্পাদক জিন্টু হাজৰিকাই । আনহাতে, অসমৰ নতুন মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো পৰ্যটন বিভাগটোৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় উছুকাৰ নেতাদ্বয়ে ।

লগতে পঢ়ক : বিধায়কৰ ৰূপত চাবুৱাত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.