ETV Bharat / state

Drugs Seized in Bokajan: খটখটীত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইনসহ আটক দুই নগা যুৱক

author img

By

Published : Jul 31, 2022, 2:25 PM IST

two youth trapped by police with drugs in diphu
খটখটীত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইনসহ আটক দুই নগা যুৱক

সমগ্ৰ দেশজুৰি শনিবাৰে দাহন কৰা হয় NCB (Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Seized Drugs burnt all over India) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফুতো দাহ কৰা হৈছিল বুজন পৰিমাণৰ ড্ৰাগছ । কিন্তু ড্ৰাগছ দাহনৰ এদিন পাছতেই হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিল দুই নগা যুৱক ।

ডিফু, ৩১ জুলাই: শনিবাৰে সমগ্ৰ দেশতে NCB(Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ দাহ কৰি ড্ৰাগছ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিছিল (Seized Drugs burnt all over India) । সমগ্ৰ দেশৰ লগতে ডিফুতো দাহ কৰা হৈছিল বুজন পৰিমাণৰ ড্ৰাগছ । এই কাৰ্যসূচীৰ এটা দিন পাছতেই ডিফুত পুনৰ চলিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে দুই নগা যুৱক ।

কালি ডিফুত প্ৰায় ২ কোটি ৭২ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত দেওবাৰে পুনৰ কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত সন্দেহযুক্ত হেৰ'ইনসহ দুটা নগা যুৱকক গ্ৰেপ্তাৰ কৰে । দেওবাৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খাটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ম’বলিক ব্ৰহ্ম, খাটখটি থানাৰ উপপৰিদৰ্শক ৰাজীৱ বৰাকে আদি কৰি কেইবাজনো উচ্চ পদস্থ বিষয়াৰ সহযোগত দেওবাৰে পুৱাৰ ভাগত খাটখটী থানাৰ MVI point চাৰিআলিত এক বিশেষ তালচী অভিযান চলাই ।

খটখটীত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইনসহ আটক দুই নগা যুৱক

অভিযানত পুৱা প্ৰায় ৬.৩০ বজাত ডিমাপুৰৰ পৰা আহি থকা WB 74 P 4456 নম্বৰৰ পঞ্জীয়নযুক্ত এখন বাহন ৰখাই গাড়ীখনৰ তালাচী চলোৱাৰ সময়ত ৯৬৬ গ্ৰাম হেৰ'ইন থকা ৭৫ টা চাবোনৰ কেচ জব্দ কৰে ।

লগতে গ্ৰেপ্তাৰ কৰে দুজনকৈ লোকক ৷ ধৃত লোক কেইজন ক্ৰমে নাগালেণ্ড ফেক জিলাৰ মেলুৰি টাউনৰ ছলমন থুয়েৰ আৰু চাইমন থুয়েৰ । সৰবৰাহকাৰী কেইটাই খাটখটি থানাৰ নিয়মীয়া নাকা চেকিঙৰ পৰা হাত সাৰিবলৈ বেলেগ পথ ব্যৱহাৰ কৰি আৰু বোকাজানৰ পৰা ৰে’লৰ জৰিয়তে নিচাযুক্ত সামগ্ৰী সমূহ সৰবৰাহ কৰাৰ কথা আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Drugs Disposal in Dhuburi: ধুবুৰীত ডেৰ কোটি টকাৰ ড্ৰাগছ দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.