ETV Bharat / state

মমিনুলৰ বিয়াৰ দিনাই ৰুজু হ’ল তিনিটাকৈ গোচৰ

author img

By

Published : Jul 21, 2021, 1:53 PM IST

Updated : Jul 24, 2021, 1:36 PM IST

two party clashed against a marriage
বিবাহস্থলী পৰিণত ৰণ ক্ষেত্ৰলৈ

ডিফুত এখন বিবাহক লৈ দুৰ্বাদল কাজিয়া ৷ ৪ জনী মহিলা বিবাহ কৰাব পাৰে বুলি দাবী স্বামীৰ ৷ সমগ্ৰ ঘটনাক লৈ প্ৰথমা পত্নীৰ সংবাদমেল সম্বোধন ৷

ডিফু, 20 জুলাই : ডিফুত এখন বিবাহক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি দুৰ্বাদল কাজিয়া ৷ ডিফুৰ হৰিলাল বস্তিত হয় সংঘটিত হয় এই কাজিয়া ৷ এজন লোকে দ্বিতীয় বিবাহ কৰোৱাৰ পূৰ্ণ প্ৰস্তুতি চলোৱাৰ সময়তে সংঘটিত হয় এই কাজিয়া ৷

প্ৰাপ্ত তথ্য অনুসৰি, ডিফুৰ হৰিলাল বস্তি নিবাসী মমিনুল ইছলাম নামৰ এজন লোকে প্ৰথমা পত্নী থকাৰ পিছতো দ্বিতীয় বিবাহ কৰাবলৈ লওতেই প্ৰথমা পত্নী আফছানা বেগমে দিয়ে বিধি-পথালি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, আফছানা বেগমক স্বামী মমিনুল ইছলামে দুবছৰ পূৰ্বে অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন কৰাৰ পিছত আফছানাই সন্তান সহিতে পিতৃগৃহত আশ্ৰয় লৈ আছিল ৷ এই সন্দৰ্ভত আফছানাই ডিফু থানাত স্বামীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ৷

মমিনুল ইছলামে প্ৰথমা পত্নীৰ অনুমতি অবিহনে আন এগৰাকী মহিলাৰ সৈতে দ্বিতীয় বিবাহখন সামাজিক নিয়ম অনুসৰি সম্পন্ন কৰাৰ খবৰ লাভ কৰে আফছানাই ৷ ইয়াৰ পিছত আফছানাই পুনৰ স্বামীৰ নিৰ্যাতনৰ বিষয়ে উল্লেখ কৰি এজাহাৰ দাখিল কৰে আৰু স্বামীৰ দ্বিতীয় বিবাহখন ৰখাবলৈ আৰক্ষীক মৌখিকভাৱে জনায় ৷ কিন্তু এইক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে আফছানাই ৷

মমিনুলৰ বিয়াৰ দিনাই ৰুজু হ’ল তিনিটাকৈ গোচৰ

সোমবাৰে পিতৃগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি আফছানাই কয় যে, আৰক্ষীয়ে বিয়াখন ৰখাবলৈ সময়োপযোগী ব্যৱস্থা গ্ৰহণ নকৰাত আফছানাই স্বামীগৃহত প্ৰৱেশ কৰি এই কাৰ্যত বাধা আৰোপ কৰিব বিচাৰে ৷ কিন্তু স্বামী পৰিয়ালে আফছানাক বেয়াকৈ প্ৰহাৰ কৰে ৷ ইয়াৰ পিছত আফছানাৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আফছানাৰ হকে মাত মাতিবলৈ যাওঁতে তেওঁলোককো দুৰ্ব্যৱহাৰ কৰে মমিনুল আৰু তেওঁৰ হ’বলগীয়া দ্বিতীয় পত্নীৰ পৰিয়ালে ৷ আফছানাৰ অভিযোগ অনুসৰি, স্বামী মমিনুল ইছলামে তেওঁক যৌতুক বিচাৰি প্ৰায়ে চলাইছিল অকথ্য শাৰিৰীক, মানসিক নিৰ্যাতন ৷

পূৰ্বে আফছানাৰ স্বামীয়ে দাবী কৰা নগদ ধন পিতৃগৃহৰ পৰা নি দিব পৰা নাছিল ৷ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আফছানাই বিগত দুবছৰ ধৰি পিতৃগৃহত আশ্ৰয় লৈ আছিল ৷ শেহতীয়াকৈ স্বামীয়ে আফছানাৰ অনুমতি অবিহনে আন এগৰাকী ছোৱালীৰে বিয়া পাতিব লওতে এই খবৰ লাভ কৰি স্বামীৰ দ্বিতীয় বিবাহত বিধি-পথালি দিবলৈ বাধ্য হয় বুলি মন্তব্য কৰে আফছানাই ৷ ইয়াৰ বিপৰীতে প্ৰথমা পত্নীৰ দ্বাৰা আৰোপ কৰা সকলো অভিযোগ পোনচাটে নাকচ কৰিছে মমিনুলে ৷

মমিনুলে বিবাহ বিচ্ছেদৰ বাবে ডিফু আদালতৰ জৰিয়তে প্ৰথমা পত্নী আফছানালৈ জাননী প্ৰেৰণ কৰিছিল বুলি মন্তব্য কৰে ৷ কিন্তু প্ৰথমা পত্নীয়ে কোনো সঁহাৰি নজনোৱাত আদালতে উক্ত বিষয়টো বিচ্ছেদ অবিহনে নিষ্পত্তি কৰে বুলি স্পষ্টকৈ প্ৰকাশ কৰে মমিনুলে ৷ উপায়বিহীন মমিনুলে ডিফু উপায়ুক্তৰ কাৰ্যালয়ত আছিকা বেগম নামৰ মহিলাগৰাকীৰ সৈতে শপতনামাযোগে দ্বিতীয় বিবাহ সম্পন্ন কৰে ৷ আনকি বিবাহপত্ৰত মমিনুলে পূৰ্বৰ সকলো তথ্য উল্লেখ কৰা বুলিও মন্তব্য কৰে ৷

দেওবাৰে ইছলামিক শ্বৰীয়ত অনুযায়ী বিবাহ কৰাবলৈ লওতেই আফছানা বেগমৰ লগতে পিতৃ পৰিয়ালৰ লোকে বাধা প্ৰদান কৰি ঘৰৰ বয়বস্তু লণ্ড-ভণ্ড কৰাৰ লগতে নগদ ধন আৰু সোণ-ৰূপ আদি কাঢ়ি লৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে মমিনুলে ৷ ইছলামধৰ্মী ৰীতি অনুসৰি এগৰাকী ব্যক্তিয়ে চাৰিগৰাকীকৈ মহিলাক বিবাহ কৰাব পাৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে মমিনুলে ৷ অৱশ্যে এইক্ষেত্ৰত প্ৰথমা পত্নীৰ লগতে সন্তানৰ সম্পূৰ্ণ ভৰণ-পোষণৰ দায়িত্ব বহন কৰিবলৈ ৰাজী বুলিও মন্তব্য কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এই সন্দৰ্ভত আফছানা বেগম, মমিনুল ইছলাম আৰু আছিকা বেগমে দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিফু থানাত ক্ৰমে ১৯১/২০২১, ১৯২/২০২১ আৰু ১৯৩/২০২১ নম্বৰত তিনিটা পৃথক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তেজনা

Last Updated :Jul 24, 2021, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.