3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 18, 2021, 3:01 PM IST

top 10 at 3pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

1. মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশগ্ৰহণ

বিশাল টীকাকৰণ অভিযান কাৰ্যসূচী ৰাজ্যৰ মুঠ ৪,৫৭৫ টা ভেকচিন চেণ্টাৰত হৈছিল । ইয়াৰে ৪,৫৫৭ টা আছিল চৰকাৰী আৰু ১৮ টা আছিল বেচৰকাৰী চেণ্টাৰ । ৰাজ্যৰ ৩৩ খন জিলাক সামৰি মেগা টীকাকৰণ অভিযানৰ যোগেদি এটা দিনত ৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে । বিগত ২৪ ঘণ্টাত মুঠ ২৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে ।

2. কলগাছিয়াত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

ৰাজ্যৰ ২৭ খন জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ অব্যাহত প্ৰতিবাদ ৷ বিৰোধী দল কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে ৷ শনিবাৰৰ দিনটোত কলগাছিয়াত দেখা গ’ল আমছুৰ চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

3. উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ

ৰাজ্যত আকৌ এবাৰ চলিছে নিৰ্বাচনী ঢৌ ৷ এআইইউডিএফৰ লগত মিত্ৰতা ভংগ কৰাৰ পিছতেই উপ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ প্ৰসংগক লৈ সম্প্ৰতি চৰ্চাত আছে কংগ্ৰেছ দল ।

4. ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপলৈ সাজু নাৰায়ণপুৰৰ খেলুৱৈ

মহাৰাষ্ট্ৰৰ পুনেত ২৫ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ (6TH NATIONAL KUNGFU CHAMPIONSHIP) ৷ এই প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰিব প্ৰায় ত্ৰিশগৰাকী খেলুৱৈয়ে ৷ এই প্ৰতিযোগিতাৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলিছে প্ৰস্তুতি ৷

5. ভাৰত-ভূটান সীমান্তত এনকাউণ্টাৰ : নিহত দুজন

কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ৷ নিহত দুজন যুৱক ৷ আৰক্ষীয়ে নিহত যুৱকদ্বয়ক নৱগঠিত সংগঠন ULB ৰ বুলি সন্দেহ কৰিছে ।

6. বেংগালুৰুত শোকাৱহ ঘটনা : একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ

বেংগালুৰুত একেটা পৰিয়ালৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰ ৷ এটি 9 মহীয়া শিশুসহ চিলিঙত(ceiling)ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহকেইটা ৷ কোনো পাৰিবাৰিক বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৷

7. টেট পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবীৰে ছাত্ৰমুক্তিৰ মানৱ শৃংখল

বিলাসীপাৰাৰ গান্ধী চ’কত শুকুৰবাৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । ধুবুৰীৰ লগতে সংখ্যালঘু অধ্যুষিত ৬ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়াৰ প্ৰতিবাদত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ । বিজেপি চৰকাৰ মুৰ্দাবাদ, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, শিক্ষা বিভাগ হায় হায়, টেট চেণ্টাৰ লাগিবই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

8. দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

দিল্লী আৰক্ষীৰ বিশেষ শাখাই কিছুদিন পূৰ্বে পাকিস্তানৰ একাংশ সন্ত্ৰাসবাদী ভাৰতত বাহৰ পাতি কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ তথ্য উদঘাটন কৰিছিল ৷ শেহতীয়াকৈ মুম্বাইৰ পৰা এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷

9. গছপুলি ৰোপণেৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰ পাঠশালাত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উদযাপন কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে পাঠশালাত গ্ৰীণ মিছন বজালী আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰৰ তত্বাৱধানত ৰোপণ কৰা হয় হেজাৰৰো অধিক গছপুলি ।

10. হাথৰস ধৰ্ষণ কাণ্ড : মৃতকৰ পৰিয়ালক চাকৰি প্ৰদানৰ বিষয়ে বিবেচনা কৰিব আদালতে

উত্তৰ প্ৰদেশৰ হাথৰস(Hathras)ত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই লাভ কৰিব ক্ষতিপূৰণ । শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্যক চাকৰি, পেঞ্চন আদিৰ সুবিধা প্ৰদান কৰাৰ বিষয়ে কৰিব বিবেচনা । ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পৰৱৰ্তী শুনানি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.