টেট পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবীৰে ছাত্ৰমুক্তিৰ মানৱ শৃংখল

By

Published : Sep 18, 2021, 11:17 AM IST

thumbnail
()

বিলাসীপাৰাৰ গান্ধী চ’কত শুকুৰবাৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । ধুবুৰীৰ লগতে সংখ্যালঘু অধ্যুষিত ৬ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়াৰ প্ৰতিবাদত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ । বিজেপি চৰকাৰ মুৰ্দাবাদ, শিক্ষামন্ত্ৰী মুৰ্দাবাদ, শিক্ষা বিভাগ হায় হায়, টেট চেণ্টাৰ লাগিবই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক জিলাখনৰ লগতে বাদ পৰা প্ৰতিখন জিলাত টেট পৰীক্ষা কেন্দ্ৰ পাতিবলৈ চৰকাৰক দাবী জনায় । অন্যথা ধুবুৰী জিলাত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.