গছপুলি ৰোপণেৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন

By

Published : Sep 18, 2021, 11:48 AM IST

thumbnail
()

সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰ পাঠশালাত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উদযাপন কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে পাঠশালাত গ্ৰীণ মিছন বজালী আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰৰ তত্বাৱধানত ৰোপণ কৰা হয় হেজাৰৰো অধিক গছপুলি । গছপুলি ৰোপণৰ পূৰ্বে যোৱাবাৰ ৰোপণ কৰা গছপুলিসমূহৰ পৰিচৰ্যা কৰা দেখা গ'ল গ্ৰীণ মিছন বজালীৰ কৰ্মীসকলক । বিগত বৰ্ষত প্ৰধানমন্ত্ৰীৰ জন্মদিনটোত পাঠশালাৰ পৰা নিত্যানন্দলৈ যোৱা প্ৰায় ৮ কিল’মিটাৰযোৰা পথচোৱাতো ৰোপণ কৰা হৈছিল বহুসংখ্যক গছপুলি । সম্প্ৰতি সেই গছপুলিসমূহ লহপহকৈ বাঢ়ি এক দৃষ্টিনন্দন পৰিৱেশে বিৰাজ কৰা দেখা গৈছে সমগ্ৰ পথচোৱাত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.