ভাৰত-ভূটান সীমান্তত এনকাউণ্টাৰ : নিহত দুজন

author img

By

Published : Sep 18, 2021, 1:22 PM IST

two person death of police encounter

কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ৷ নিহত দুজন যুৱক ৷ আৰক্ষীয়ে নিহত যুৱকদ্বয়ক নৱগঠিত সংগঠন ULB ৰ বুলি সন্দেহ কৰিছে ।

কোকৰাঝাৰ, 18 ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ ভাৰত-ভূটান সীমান্তত সংঘটিত হৈছে এই এনকাউণ্টাৰ ৷ ভাৰত-ভূটান সীমান্তৰ উল্টাপানী অঞ্চলৰ লুংছুঙত শনিবাৰে পুৱতি নিশা আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় দুই যুৱক ৷ আৰক্ষীয়ে প্ৰাণৰক্ষাৰ স্বাৰ্থত দুই যুৱকক গুলীয়াবলৈ বাধ্য হয় ৷

আৰক্ষীৰ গুলীত থিতাতে নিহত হয় দুই যুৱক ৷ নিহত যুৱকদ্বয়ক ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী বুলি জানিব পৰা গৈছে । নিহত যুৱক দুজন নৱগঠিত সংগঠন ULB ৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

two person death of police encounter
ভাৰত-ভূটান সীমান্তত এনকাউন্টাৰ

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, আঠটা হেণ্ড গ্ৰেণেড আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিছিল নৱগঠিত উগ্ৰপন্থী সংগঠন ULB য়ে ৷ আনকি পৃথক বড়োলেণ্ড গঠনৰ দাবীত দুদিন পূৰ্বে সংগঠনটোৱে আত্মপ্ৰকাশ কৰি প্ৰেছ বিবৃতিযোগে নিজৰ স্থিতিৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: চাপৰমুখত জব্দ ব্ৰাউন চুগাৰ, আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.