ETV Bharat / state

বতৰৰ বিধি-পথালি, কাৰ্বি যুৱ মহোৎসৱত উপস্থিত হ’ব নোৱাৰিলে দেশৰ ৰাষ্ট্ৰপতি

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:25 PM IST

Karbi Youth Festival
বতৰৰ বিধি-পথালি

Karbi Youth Festival : কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ বতৰৰ বিধি-পথালিৰ বাবে শ্বিলঙৰ পৰা ভ্ৰমণ বাতিল কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

কাৰ্বি যুৱ মহোৎসৱত উপস্থিত নহ’ল দেশৰ ৰাষ্ট্ৰপতি

ডিফু, 17 জানুৱাৰী : 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ বতৰৰ বিধি-পথালিৰ বাবে শ্বিলঙৰ পৰা ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হ'ল ৰাষ্ট্ৰপতিগৰাকী ৷ ৰাষ্ট্ৰপতি গৰাকী অহাক লৈ তাৰালাংচৰ মহোৎসৱ থলীত অধীৰ অপেক্ষাৰে বাট চাই আছিল কাৰ্বি আংলঙৰ লক্ষাধিক লোক আৰু আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটি ৷

মহোৎসৱত উপস্থিত থাকিব নোৱাৰে যদিও ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্যোক্তা আৰু ৰাইজক উদ্দেশ্যি এক ভিডিঅ' বার্তা প্ৰেৰণ কৰে ৷ এই বাৰ্তা যোগে কাৰ্বি যুৱ মহোৎসৱক অত্যন্ত মহত্বপূর্ণ আখ্যা দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ "সোঁ-শৰীৰে উপস্থিত থাকিব নোৱাৰিলো যদিও ভার্চুৱেলী আপোনালোকৰ মাজলৈ আহিছো" বুলিও তেওঁ মন্তব্য কৰে ৷ এই যুৱ মহোৎসৱে কেৱল অসমৰে নহয় দেশৰ সাংস্কৃতিক কেলেণ্ডাৰৰ এক গুৰুত্বপূর্ণ আয়োজনৰূপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই যুৱ মহোৎসৱ ভাৰতৰ স্বৰ্ণিল ভৱিষ্যতৰ অংশ আখ্যা দিয়াৰ লগতে জনজাতীয় কলা-সংস্কৃতি সংৰক্ষণৰ বাবে কাৰ্বি সাংস্কৃতিক সমাজে লোৱা এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ইফালে কাৰ্বি পৰাম্পৰাগত সাজ-পোছাকেৰে ৰাষ্ট্ৰপতি গৰাকীক আদৰিবলৈ সাজু হৈ আছিল শিল্পী সকল ৷ পুৱাৰ পৰাই সমগ্ৰ ডিফু চহৰৰ লগতে তাৰালাংচৰ মহোৎৱস্থলীত আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনীৰ দল নিয়োগ কৰি এক প্ৰকাৰৰ অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷

কাৰ্বি যুৱ মহোৎসৱৰ আজিৰ সভাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰীদ্বয় যোগেন মোহন, নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'কে প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷ কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই আদৰণি ভাষণ প্ৰদান কৰে ৷

ৰাষ্ট্ৰপতি গৰাকীৰ অনুপস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰে ৷ ভৱিষ্যতে ৰাষ্ট্ৰপতি গৰাকীক পুনৰ এই মহোৎসৱলৈ অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীজনে ৷ আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি কাৰ্বি যুৱ মহোৎসৱলৈ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বছৰি 3 কোটি টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ভৱিষ্যতে কাৰ্বি যুৱ মহোৎসৱক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ কাৰ্বি কালচাৰেল ছ’চাইটিৰ লগতে অসম চৰকাৰেও যুটীয়াভাবে প্ৰচেষ্টা চলাই যাব বুলি কয় তেওঁ ৷

লগতে পঢ়ক : উখল-মাখল কাৰ্বি যুৱ মহোৎসৱস্থলী, ৰাষ্ট্ৰপতি আগমনক লৈ তৎপৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.