ETV Bharat / state

ৰাষ্ট্ৰপতি আহিব কাৰ্বি পাহাৰলৈ: কাৰ্বি যুৱ মহোৎসৱত হ’ব অতিথি

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 9:27 PM IST

Karbi Youth Festival: ১৭ জানুৱাৰীত কাৰ্বি পাহাৰত উপস্থিত হ'ব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু । ৰাষ্ট্রপতিগৰাকীৰ সম্মুখত কার্বি পৰম্পৰাগত নিমছ কেৰণ নৃত্য প্রদর্শন কৰা হ'ব ।

KCS President-Secretary
কেচিএছৰ সভাপতি-সম্পাদক

কেচিএছৰ সভাপতি-সম্পাদক

ডিফু, ১০ জানুৱাৰী: অহা ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া কার্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে ন-কইনাৰ ৰূপত সজাই তোলা হৈছে তাৰালাংছ'ৰ কার্বি পিপ'লছ হল । সোণালী জয়ন্তী বর্ষ উপলক্ষে অহা ১৭ জানুৱাৰীত উপস্থিত হ'ব ৰাষ্ট্রপতি দ্রৌপদী মুর্মু । সিদিনা তাৰালাংছ'ত ২ ঘণ্টাৰ বাবে কাবি যুৱ মহোৎসৱস্থলীত অংশ গ্রহণ কৰিব ৰাষ্ট্রপতিগৰাকীয়ে ।

আজি কেচিএছৰ কার্যালয়ত এক সংবাদমেলযোগে ৰাষ্ট্রপতিৰ আগন্তুক তাৰালাংছ' আগমন সম্পর্কে অৱগত কৰে কেচিএছৰ সভাপতি-সম্পাদক চন্দ্রছিং ক্ৰ' আৰু বিদ্যাছিং ৰংপিয়ে । সভাপতি চন্দ্রছিং ক্রয়ে ৰাষ্ট্রপতিগৰাকীৰ আগমনৰ বাবে প্রট'কল অনুসৰি তাৰালাংছত থকা বহুকেইটা প্রেক্ষাগৃহৰ কার্যক্রম আনস্থানলৈ স্থানান্তৰিত কৰিবলগা হৈছে । ৰাষ্ট্রপতিগৰাকীয়ে অংশ গ্রহণ কৰিবলগীয়া মুকলি মঞ্চৰ কাষত আন কোনো অনুষ্ঠান চলিব নোৱাৰা হেতুকে বহু অনুষ্ঠান ডিফুৰ পাঁচ মাইলস্থিত ক্রীড়া প্রকল্পত অনুষ্ঠিত হ'ব ।

১৬ জানুৱাৰীৰ পৰা শিল্পীসকলৰ সকলো কার্যসূচী এই স্থানতে অনুষ্ঠিত হ'ব । তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰ পাছত ৰাষ্ট্রপতিয়ে জিলাখন ভ্রমণ কৰাতো অতি গৌৰৱৰ বিষয় ।

সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে এই সন্দৰ্ভত কয় যে ৰাষ্ট্রপতিগৰাকীয়ে মঞ্চত ৫২ মিনিট সময় কটাব । দেশত পুনৰ ক'ভিড প্রট'কল আৰম্ভ হোৱালৈ চাই ৰাষ্ট্রপতিগৰাকীক কাষৰ পৰা সম্ভাষণ আৰু বিভিন্ন উপহাৰ দিয়াৰ পৰা বঞ্চিত হলেও দুশগৰাকী কার্বি জ্যেষ্ঠ নাগবিকৰ জৰিয়তে কার্বি পবম্পৰ্গত বংক্ৰকৰে প্রার্থনা কৰি ৰাষ্ট্রপতিগৰাকীক আদৰণি জনোৱা হ'ব । ৰাষ্ট্রপতিগৰাকীৰ সম্মুখত কার্বি পৰম্পৰাগত নিমছ কেৰণ নৃত্য প্রদর্শন কৰাৰ লগতে সোণালী জয়ন্তী উপলক্ষে নির্মাণ কৰা এটা গীত প্রদর্শন কৰা হ'ব ।

সংবাদমেলযোগে তেওঁলোকে পুনৰ কয় যে ১২ জানুৱাবীৰা পৰা ১৬ জানুৱাৰীলৈ কার্যসূচীসমূহ ছেমছনছিং ইংতি মূল মঞ্চত অনুষ্ঠিত হ'ব যদিও ১৬ ৰ পৰা ১৯ জানুৱাৰীলৈ প্রায়সমূহ কার্যসূচী স্থানান্তৰিত কৰা হ'ব । ৰাষ্ট্রপতিগৰাকীৰ গৌৰৱময় উপস্থিতি আৰু কার্বি যুব মহোৎসবব সোণালী জয়ন্তী সূচাকৰূপে অনুষ্ঠিত কৰাৰ বাবে পার্বত্য জিলাবাসীৰ লগতে অসমবাসীৰ সহযোগিতা কামনা কৰি আয়োজক কার্বি সাংস্কৃতিক সমাজে । কার্বি সাংস্কৃতিক সমাজে কার্বি যুব মহোৎসৱৰ অনুষ্ঠানত সকলোকে পৰম্পৰাগত পোছাক পৰিধান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থকাৰ সম্ভাৱনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.