ETV Bharat / state

কাৰ্বি যুৱ মহোৎসৱত উপস্থিত থকাৰ সম্ভাৱনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:57 PM IST

সমাগত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ ৷ আগন্তুক বৰ্ষৰ 12-19 জানুৱাৰীলৈকে কাৰ্বি আংলঙৰ তাৰালাংছত অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠান দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু উপস্থিত থকাৰ সম্ভাৱনা আছে ৷

Preparation for Karbi youth festival
ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে দিল্লীলৈ উৰা মাৰিলে তুলিৰাম ৰংহাঙে

ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে দিল্লীলৈ উৰা মাৰিলে তুলিৰাম ৰংহাঙে

ডিফু, 10 নৱেম্বৰ : সমাগত কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ ৷ কাৰ্বি কালচাৰেল চ’ছাইটীৰ উদ্যোগত আগন্তুক বৰ্ষৰ 12 ৰ পৰা 19 জানুৱাৰীলৈকে কাৰ্বি আংলঙৰ তাৰালাংছত অনুষ্ঠিত হ’ব কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান ৷ ইতিমধ্যে কাৰ্বি যুৱ মহোৎসৱক লৈ যুদ্ধকালীন প্ৰস্তুতি অব্যাহত ৰাখিছে উদযাপন কমিটীয়ে ৷ আনহাতে কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানতে উপস্থিত থকা সম্ভাৱনা আছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷

এই প্ৰসংগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়, ‘‘আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাম ৷ সেয়ে মই আজিয়ে দিল্লীলৈ ৰাওনা হম ৷ নিৰাপত্তাৰ লগতে কেইবাটাও দিশ চাইহে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাৰ্বি ভূমিত উপস্থিত হ’ব নে নহ’ব সেয়া নিশ্চিত হ’ব ৷ আমি আশা কৰিছো তেওঁ আহিব ৷’’ আনহাতে উক্ত অনুষ্ঠিনতে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীও উপস্থিত থকা সম্ভাৱনা আছে ৷ দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰজান সমষ্টিত আয়োজিত এক সমাৱেশত অংশ লৈ এই কথা উল্লেখ কৰে ৰংহাঙে ৷

ইতিমধ্যে কাৰ্বি কালচাৰেল চ’ছাইটীৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে উল্লেখ কৰিছিল যে, 5 হাজাৰ কাৰ্বি ডেকা-গাভৰুৱে জাতীয় সাজপাৰ পৰিধান ৰাষ্ট্ৰপতিৰ সন্মুখত যুৱ মহোৎসৱৰ থীম ছঙত কাৰ্বি লোকনৃত্য প্ৰদৰ্শন কৰিব ৷ সমান্তৰালকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 3 হাজাৰ যুৱকে বাঁহত উঠি খোজকঢ়া কলা প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ সিদ্ধান্তও গ্ৰহণ কৰা বুলিও উল্লেখ কৰিছিল আয়োজক কমিটীয়ে ৷

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ গৌৰৱোজ্জল কাৰ্যসূচীত ভিয়েটনাম, ইণ্ডোনেচিয়া, দক্ষিণ কোৰিয়া, মালেয়েচিয়া, দৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সমিতৰ তৰফৰ পৰা ইতিমধ্যে উল্লেখ কৰা হৈছিল ৷

লগতে পঢ়ক : এইবাৰ এছ আই টিৰ জালত পৰিল কৰ বিষয়া; ডিফুৰ পৰা গ্ৰেপ্তাৰ ৱাহিদা বেগমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.