ETV Bharat / state

Karbi Anglong: উন্নত নহ’ল কাৰ্বি আংলঙৰ যাতায়ত; বাঁহৰ ভূৰত কঢ়িয়াইছে ৰোগী

author img

By

Published : Jul 16, 2023, 10:25 PM IST

Updated : Jul 16, 2023, 10:52 PM IST

Karbi Anglong development
উন্নয়নৰ পোহৰ পৰা নাই নেকি কাৰ্বি আংলঙত !

উন্নয়নে স্পৰ্শই কৰা নাই পাহাৰীয় জিলা কাৰ্বি আংলংঙত ৷ উন্নয়ন আজিও যেন তেওঁলোকৰ বাবে সপোনৰো অগোচৰ ৷ বাঁহৰ সাঙি, বাঁহৰ সাকো এক মাত্ৰ যাতায়তৰ সম্বল ৷ কাৰ্বি আংলঙৰ নিলীপ পৰিষদীয় সমষ্টিৰ বৰপুং তাৰাপুং অঞ্চলবাসীয়ে উন্নয়নৰ পোহৰে দেখা নাই ৷

উন্নয়নৰ পোহৰ পৰা নাই নেকি কাৰ্বি আংলংঙত !

ডিফু, ১৬ জুলাই: চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজালেও, ঠায়ে ঠায়ে স্পৰ্শই কৰা নাই উন্নয়নে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ৯ বছৰীয়া আৰু অসমৰ ৭ বছৰীয়া বিজেপি চৰকাৰৰ আমোলত পৰিবৰ্তনৰ ঢৌ ৷ বিপৰীতে অসমৰ পাহাৰীয়া জিলাত উন্নয়ন এক পয়া লগা ছবি ৷ কাৰ্বি আংলঙৰ নিলীপ পৰিষদীয় সমষ্টিৰ বৰপুং তাৰাপুং অঞ্চলবাসীয়ে আজিও মধ্য যোগীয় জীৱন-যাপন কৰিবলৈ বাধ্য হৈ পৰিছে ৷

বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে আজিও লাভ কৰা নাই কোনো চিকিৎসালয়, পথ, আৰু উন্নত শিক্ষা ব্যৱস্থাৰ ৷ এই দুই অঞ্চলবাসীয়ে দুই-তিনিখন নদী পাৰ হৈ দুদিনৰ পাচতহে গোলাঘাট অথৱা ডিফু পায় ৷ অঞ্চলবাসীৰ বাবে যাতায়তৰ অন্যতম বাহন হিচাপে ব্যৱহাৰ হৈ আহিছে বাঁহৰ সাঙি ৷ ৰোগীয়ে উন্নত চিকিৎসা লাভৰ দূৰৰে কথা যাতায়ত কৰিবলৈ সূচল নহয় বাট-পথ ৷

ইংলংজিপি ৰাম ক্ৰ' গাঁৱৰ লৰেন্স ক্ৰ'ৰ পত্নীৰ অসুস্থ হৈ পৰাত ৰাইজৰ প্ৰচেষ্টাত ফংলাংছ নদী বাঁহৰ সাঙিৰে পাৰ কৰাই উন্নত চিকিৎসাৰ বাবে ডিফুলৈ লৈ যাব লগীয়া হ’ল ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ উন্নয়নৰ নামত আজিলৈকে একো এটা লাভ নকৰা অঞ্চলবাসীয়ে পৰিৱৰ্তনৰ নামত হোৱা চৰকাৰখনেও কোনো উন্নয়ন নকৰিলে বুলি ক্ষোভ উজাৰে ৷

‘‘এই অঞ্চলৰ ল'ৰা- ছোৱালী ডিফুত আঢ্যৱন্ত লোকৰ ঘৰত বণুৱা ৰূপে ৰাখি আমি শিক্ষা দান কৰিব লগীয়া হৈছে কাৰণ এই অঞ্চলত পৰ্যাপ্ত শিক্ষানুষ্ঠান নাই ৷ এই অঞ্চললৈ নাহে ১৯৮ সেৱাৰ বাহন ৷ বাঁহৰ সাকোৰেই বহিঃজগতৰ সৈতে গাঁৱবাসীৰ যোগাযোগৰ একমাত্ৰ মাধ্যম ৷’’ এইদৰে ক্ষোভ উজাৰে ৰাইজে ৷

উল্লেখ্য যে, চাৰিবছৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পথ নিৰ্মাণ, স্বাস্থ্যসেৱা কেন্দ্ৰ নিৰ্মাণ, শিক্ষানুষ্ঠান নিৰ্মাণ কৰাকে ধৰি বিজুলী যেগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল ৷ কিন্তু প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হিচাপে ৰ’ল ৷ বিশ্বায়ন আৰু উন্নয়নৰ যুগত এইদৰে অৱহেলিত হৈ থকা অঞ্চলবাসীৰ বাবে উন্নয়ন আজিও যেন সপোনৰো অগোচৰ ৷

লগতে পঢ়ক:KAAC eviction drive at lankaijan:কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান

Last Updated :Jul 16, 2023, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.