ETV Bharat / state

কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Aug 24, 2022, 1:19 PM IST

Updated : Aug 24, 2022, 2:16 PM IST

Police raid against militants in Karbi Hills
কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নৱ গঠিত উগ্ৰপন্থী সংগঠন এন এছ চি কেৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷ অভিযানকালত এন এছ চি কেৰ তিনি কেডাৰক কৰায়ত্ব আৰক্ষীৰ ৷ তিনি কেডাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিটা পিষ্টল, তিনিটা মেগজিনসহ ২১ জাই সজীৱ গুলি ৷ অভিযানকালত আৰক্ষীৰ গুলীত আহত পৱিত্ৰ শইকীয়া ওৰফে টেৰণ ৷

ডিফু, ২৪, আগষ্ট: কাৰ্বি আংলঙত দীৰ্ঘ দিন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহৰ সন্ত্ৰাস চলাৰ পিছত বিগত বৰ্ষৰ চাৰি ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত পাৰ্বত্য জিলা দুখনে স্বস্তিৰ নিশ্বাস পেলাইছিল । চৰকাৰেও জিলাখনলৈ শান্তিৰ বাতাবৰণ বিৰাজ কৰা বুলি দাবী কৰে ।

কিন্তু যোৱা ২৩ আৰু ২৪ তাৰিখে কাৰ্বি আংলং আৰক্ষী দেইথৰ আৰু ডিফুত অভিযান চলাই নেচনেল এন এছ চি কেৰ তিনি কেডাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । কেডাৰকেইটা ক্ৰমে, দইথৰ বাপুৰাম চিঙনৰ গাঁৱৰ ডিম্বেশ্বৰ শইকীয়াৰ পুত্ৰ পৱিত্ৰ শইকীয়া উৰফে টেৰণ, ডিফু পঞ্চায়ত কলনিৰ বীৰেন তকবিৰ পুত্ৰ ৰাহুল তকবি আৰু দেইথঅৰ চাৰ্থে ইংহি গাঁৱৰ ডেভিদ ইংহী জানিব পৰা গৈছে ।

তিনি কেডাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে তিনিটা পিষ্টল, তিনিটা মেগজিনসহ ২১ জাই সজীৱ গুলি । উল্লেখ্য যে, অভিযানকালত আৰক্ষীৰ গুলীত সংগঠনটোৰ অধ্যক্ষ পৱিত্ৰ শইকীয়া ওৰফে টেৰণ আহত হৈ বৰ্তমান দিফু চিকিৎসালয় মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: জুৰীয়াত পিষ্টলসহ আটক কুখ্যাত ডকাইত

Last Updated :Aug 24, 2022, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.