ETV Bharat / state

জুৰীয়াত পিষ্টলসহ আটক কুখ্যাত ডকাইত

author img

By

Published : Aug 24, 2022, 1:38 PM IST

Updated : Aug 24, 2022, 1:57 PM IST

জুৰীয়া আৰক্ষীৰ সফলতা। পিষ্টল, সজীৱ গুলীসহ আটক কুখ্যাত ডকাইত।

Robbers arrested with pistols in Juria
জুৰীয়াত পিষ্টলসহ আটক কুখ্যাত ডকাইত

নগাঁও, 24 আগষ্ট: জুৰীয়া আৰক্ষীৰ সফলতা । জুৰীয়া আৰক্ষীৰ অভিযানত অবৈধ মৰনাস্ত্ৰসহ আটক হয় মষ্ট ৱানটেড ডকাইত ইজু ওৰফে ইজাজুল (Robber arrested in Nagaon)। নগাঁৱৰ লগতে তেজপুৰৰ বিভিন্ন ঠাইত সংঘটিত ডকাইতি, ধনদাবী, হত্যাকাণ্ড আদিৰ সৈতে জড়িত থকাৰ অভিযোগ আছে ধৃত ইজু ওৰফে ইজাজুলৰ বিৰুদ্ধে ।

জুৰীয়া আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা ইজুক লগতলৈ নিশা জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ ধিংবৰি চাপৰিত অভিযান চলাই এটা 7.65 mm পিস্তল আৰু পাছ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জুৰীয়াত পিষ্টলসহ আটক কুখ্যাত ডকাইত

জুৰীয়াৰ সুতীৰপাৰৰ ডকাইতি কাণ্ড, বগৰিগুৰিত সংঘটিত এগৰাকী মহিলাৰ হত্যাকাণ্ড আদিকে ধৰি জুৰীয়া আৰক্ষী থানাতে কেইবাটাও গোচৰ থকাৰ ওপৰিও নগাঁও জিলাৰ বিভিন্ন থানাত ইজু ওৰফে ইজাজুলৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ ।

পূৰ্বৰ গোচৰ সন্দৰ্ভত জুৰীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত জুৰীয়াৰ ডকাইত ইজাজুলক।

লগতে পঢ়ক: কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Last Updated :Aug 24, 2022, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.