ETV Bharat / state

লাহৰিজানত মাৰণাস্ত্ৰ আৰু দুই লক্ষাধিক টকাসহ এজন যুৱক আটক

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:23 PM IST

Updated : Dec 27, 2023, 2:29 PM IST

ONE PERSON APPREHANDED
অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে কাৰ্বি আংলং জিলাৰ লাহৰিজান

অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে কাৰ্বি আংলং জিলাৰ লাহৰিজান ৷ মঙলবাৰে এখন ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা এটা 38 MM পিষ্টল, এটা মেগজিন, 12 জাঁই সজীৱ গুলী আৰু দুই লক্ষাধিক নগদ ধন জব্দ কৰে (Arms seizes) ৷

ডিফু, 27 ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ লাহৰিজানত অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধন সহ এজন যুৱকক আটক কৰা হৈছে ৷ এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়া, লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ ভূঞা, চিআৰপি এফৰ এটা দল আৰু থানা ষ্টাফৰ সহযোগত লাহৰিজান পেট্ৰ’ল পাম্পৰ ওচৰত এটা নিয়মীয়া নাকা স্থাপন কৰা হয় ৷

এই তালাচীকালত মণিপুৰ দিশৰ পৰা আহি থকা এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰ পৰা এটা 38 MM পিষ্টল, এটা মেগজিন, 12 জাঁই সজীৱ গুলী আৰু দুই লক্ষাধিক নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে মাৰণাস্ত্ৰ আৰু নগদ ধন সৰবৰাহৰ লগত জড়িত কাছাৰ জিলাৰ লক্ষীপুৰৰ মঃ মফিজ উদ্দিন (32) নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে এই ঘটনা সন্দৰ্ভত ইয়াৰ পূৰ্বে আৰক্ষীয়ে ছয়জনক আটক কৰিছিল ৷ যদিও মফিজ উদ্দিন এই ঘটনাত জড়িত বুলি নিশ্চিত বুলি আৰক্ষীৰ সুত্ৰে জানিবলৈ দিছে ৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা মাৰণাস্ত্ৰ আৰু নগদ ধনখিনি থানালৈ লৈ যায় ৷

লগতে আৰক্ষীয়ে ধৃত মফিজ উদ্দিনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্য়াহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ অনাগত সময়ত ঘটনাৰ বিষয়ে অধিক জানিব পৰা হ’ব ৷

উল্লেখ্য যে, অসম-নাগালে‌ণ্ড সীমান্তঞ্চলত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ যদিও প্ৰতিদিনে সৰবৰাহকাৰীয়ে মৰসাহ কৰি ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা চলাই আহিছে ৷

লগতে পঢ়ক: প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ

Last Updated :Dec 27, 2023, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.