ETV Bharat / state

Digital Life Certificate for Pensioners: জীৱন প্ৰমাণ ম'বাইল এপছৰ সন্দৰ্ভত আলোচনা চক্ৰ

author img

By

Published : Jan 21, 2022, 4:47 PM IST

কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় এখনি আলোচনা চক্ৰ ৷ পেঞ্চন লাভ কৰি থকা ব্যক্তি সকলে কেনেদৰে নিজৰ জীৱিত প্ৰমাণ পত্ৰ অনলাইনযোগে আপলোড কৰিব, সেই বিষয়ে অৱগত কৰোৱাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই আলোচনা চক্ৰ (Jeevan Pramaan is a biometric enabled digital service for pensioners) ৷
pensioner-mobile-app
"জীৱন প্ৰমাণ"ৰ ওপৰত আলোচনা চক্ৰ সম্পন্ন

ডিফু, ২1 জানুৱাৰী: কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত "জীৱন প্ৰমাণ" নামৰ ম'বাইল এপছৰ ব্যৱহাৰৰ ওপৰত এখনি আলোচনা চক্ৰ সম্পন্ন হৈ যায় ৷ পেঞ্চন পোৱা ব্যক্তি সকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা এই এপছৰ জৰিয়তে পেঞ্চন লাভ কৰি থকা ব্যক্তি সকলে কেনেদৰে নিজৰ জীৱিত প্ৰমাণ পত্ৰ আপলোড কৰিব সেই সম্পৰ্কে অৱগত কৰাৰ লগতে সেই সম্পৰ্কত বিতংকৈ আলোচনা কৰা হয় (Jeevan Pramaan is a biometric enabled digital service for pensioners) ৷

আলোচনা চক্ৰত জিলা উপায়ুক্ত দিবাকৰ নাথ, অতিৰিক্ত উপায়ুক্ত এছ খান, গুৱাহাটীৰ এনআইটিৰ দল, বেংক বিষয়াৰ লগতে ভালে সংখ্যক পেঞ্চন লাভ কৰা ব্যক্তি উপস্থিত থাকে ৷ আলোচক্ৰৰ অন্তত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, এতিয়াৰে পৰা এই এপছৰ জৰিয়তে পেঞ্চন লাভ কৰি থকা ব্যক্তি সকলে ঘৰত থাকিয়েই জীৱিত থকাৰ প্ৰমাণ পত্ৰ বেংকত জমা দিব পাৰিব (Digital Life Certificate for Pensioners) ৷

সংবাদ মাধ্যমক উপায়ুক্ত গৰাকীয়ে অৱগত কৰা অনুসৰি কাৰ্বি আংলঙ জিলাত প্ৰায় ৩,৯০০ পেঞ্চন লাভ কৰি থকা ব্যক্তি আছে ৷

এই সকল অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে প্ৰতি বছৰৰ নৱেম্বৰ মাহত জীয়াই থকাৰ প্ৰমানপত্ৰ বেংকত দাখিল কৰিব লাগে যদিও এতিয়াৰে পৰা পেঞ্চনাৰ সকলৰ সুবিধাৰ্থে চৰকাৰে গ্ৰহণ কৰা এই এপছৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে ঘৰত থাকিয়েই জীৱিতৰ প্ৰমাণপত্ৰ দাখিল কৰিব পাৰি (Government pensioners can take benefit of this facility) ৷ জিলা উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ১৬ টা স্থানত এই সন্দৰ্ভত সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হব বুলিও জানিব দিয়ে ৷

লগতে পঢ়ক : মাজুলীত চিকিৎসকৰ অভাৱত প্ৰসূতিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.