ETV Bharat / state

ভংগ হ'ল KNLF : ৰাজনীতিত পদাৰ্পণৰ ইংগিত শীৰ্ষ নেতৃত্বৰ

author img

By

Published : Sep 25, 2021, 9:38 PM IST

klnlf-stops-its-operation-leaders-might-get-involved-in-politics
ভংগ হ'ল KNLF : ৰাজনীতিত পদাৰ্পণৰ ইংগিত শীৰ্ষ নেতৃত্বৰ

আনুষ্ঠিক ভাৱে ভংগ হ'ল কাৰ্বি সহস্ত্ৰ বিদ্ৰোহী সংগঠন কেএলএনএলএফ ৷ ৰাজনীতিত পদাৰ্পণৰ ইংগিত শীৰ্ষ নেতৃত্বৰ ৷

ডিফু, 25 ছেপ্টেম্বৰ : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কাৰ্বি আংলঙৰ ৬ বিদ্ৰোহী সংগঠনৰে সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এটা এটাকৈ ৫ টা উগ্ৰপন্থী সংগঠন আনুষ্ঠানিক ভাৱে ভংগ কৰি সাধাৰণ জীৱন যাপনৰ পথ বাছি লোৱাৰ পিছত শনিবাৰে ডিফুৰ ঐতিহাসিক ডিফু ক্লাৱত আনুষ্ঠানিক ভাৱে ভংগ ঘোষণা কৰা হয় কেএলএনএলএফ ৷

অন্ত পৰে দীৰ্ঘ সশস্ত্ৰ সংগ্ৰামৰ, ভংগ হয় কাৰ্বি লংৰি-নৰ্থ কাছাৰ হিলচ লিবাৰেচন ফ্ৰণ্ট চমুকৈ KLNLF । সংগঠনটোৰ অধ্যক্ষ পি দিলীয়ে পতাকা উত্তোলন আৰু সাধাৰণ সচিব থং টেৰণে কৰা শ্বহীদ তৰ্পনৰ পিছত শীৰ্ষ নেতা-কেডাৰৰ উপস্থিতিত শনিবাৰে ডিফু ক্লাৱত পি দিলীৰ অধ্যক্ষতাত অনুস্থিত হয় সংঠনটোৰ অন্তিমখন সভা । প্ৰতিগৰাকী শীৰ্ষ নেতা-কেডাৰক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷

ভংগ হ'ল KNLF : ৰাজনীতিত পদাৰ্পণৰ ইংগিত শীৰ্ষ নেতৃত্বৰ

২০০৪ চনৰ ৪ মে'ত জন্ম গ্ৰহণ কৰি সশস্ত্ৰ পন্থা অৱলম্বন কৰা কে এল এন এল এফ'এ অস্ত্ৰ -সম্বৰণ কৰে ২০১০ৰ ১১ ফ্ৰেব্ৰুৱাৰীত । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত কেইবালানিও আলোচনাৰ পৰিপ্ৰেক্ষিতত মুঠ ৪১২ কেডাৰেৰে পৰিবেষ্টিত হৈ থকা কেএলএনএলএফৰ বৰ্তমান ২৮৫ গৰাকী নেতা-কেডাৰে যোৱা ৪ চেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগত অন্য ৫টা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে যুতিয়া ভাৱে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰে ।

উল্লেখযোগ্য যে, ১৯৯৪ চনত পি দিলীৰ নেতৃত্বত গঠন হৈছিল কাৰবি নেছনেল ভল্যুণটিয়েৰ চমুকৈ কেএনভি ৷ ক্ৰমান্বয়ে একে বৰ্ষতে প্ৰদীপ ৰংপিৰ নেতৃত্বত কাৰবি পিপুল ফ্ৰণ্ট চমুকৈ কেপিএফ গঠন হোৱাৰ পিছত ইউনাইটেড পিপুল ডেমক্ৰেটিক চলিডাৰিট্ চমুকৈ ইউপিডিএছ নামৰ উগ্ৰপন্থী সংগঠনটো গঠন হৈছিল ৷ ইয়াৰ মাজতে ইউপিডিএছৰ দুটা গোটৰ সৃষ্টি হয় আলোচনা পন্থী আৰু আলোচনা বিৰোধী ৷

পৰৱৰ্তী সময়ত পুনৰ পি দিলীৰ নেতৃত্বত গঠন হয় কেএলএনএলএফ নামৰ সশস্ত্ৰ সংগঠনটো ৷ শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএলএনএলএফৰ সচিব থং টেৰণে কয় , শান্তি চুক্তিৰ চৰ্ত অনুসৰিয়ে সংগঠনটো আনুষ্ঠানিক ভাৱে ভংগ ঘোষণা কৰা হৈছে ৷ এতিয়াৰে পৰা সংগঠনটোৰ সকলো নেতা-কেডাৰে সাধাৰণ জীৱন যাপন কৰাৰ লগতে ৰাজনীতিতো অংশ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ Intelligence বিফল হোৱাৰ বাবেই গৰুখুটিৰ ঘটনা সংঘটিত হৈছে : লুৰীণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.