ETV Bharat / state

Scam at Karbi Hill: তুলিৰামৰ চৰ্চিত 100 কোটি টকীয়া কেলেংকাৰী ! ক্লীনশ্বীটৰ প্ৰমাণ লাগে জিলা কংগ্ৰেছক

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 9:19 PM IST

Karbi Anglong District Congress Committee
তুলিৰাম ৰংহাঙৰ অভিযোগৰ প্ৰত্যুত্তৰ

তুলিৰাম ৰংহাঙৰ অভিযোগৰ প্ৰত্যুত্তৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দুই উপ সভাপতি ক্ৰমে, ৰাতুল টেৰণ আৰু ৰতন ইংতিৰ ৷ ৰংহাঙক গুৱাহাটীত উচ্চ ন্যায়ালয়ে দিয়া ক্লীনশ্বীটৰ প্ৰমাণ ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান ৷

তুলিৰামক ৰংহাঙক প্ৰত্যাহ্বান

ডিফু, ২ অক্টোবৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত হোৱা এশ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগৰ প্ৰতিক্ৰিয়া এতিয়াও শাম কটা নাই ৷ অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনা এই বিষ্ফোৰক অভিযোগৰ পাছত কাৰ্বি আংলঙৰ লগতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনহাতে তুলিৰাম ৰংহাঙে এই সমস্ত অভিযোগ খণ্ডন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই অভিযোগ সন্দৰ্ভত ক্লীনশ্বীট দিয়া বুলি দাবী কৰি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ ভাবুকি দিছিল ৷

ৰংহাঙে আনকি শইকীয়াৰ প্ৰয়াত পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰসংগ টানি আনি হিতেশ্বৰ শইকীয়াৰ দিনত অসাংবিধানিকভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ভংগ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবে শইকীয়াক প্ৰতিকী জৰিমনা স্বৰূপে এটকা জৰিমনা বিহাৰ প্ৰসংগও উল্লেখ কৰিছিল ৷ লগতে কংগ্ৰেছৰ আমোলতে কাৰ্বি আংলং জিলাত উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল বুলিও দাবী কৰিছিল ৷

সোমবাৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দুই উপ সভাপতি ক্ৰমে, ৰাতুল টেৰণ আৰু ৰতন ইংতিয়ে তুলিৰাম ৰংহাঙৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে ৰংহাঙক গুৱাহাটীত উচ্চ ন্যায়ালয়ে দিয়া ক্লীনশ্বীটৰ প্ৰমাণ ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনায় ৷

ৰাতুল টেৰণে কয় যে, কাচে এণ্টাৰ প্ৰাইজৰ গৰাকী কোন ?সকলো কাম তেওঁলোকৰ পৰিয়ালৰ মাজত আৱণ্টন দিয়া হৈছে ৷ এগৰাকী ঠিকাদাৰকে যদি সকলো কাম আৱণ্টন দিয়া হয় আন ঠিকাদাৰে কি খাব বুলি প্ৰশ্ন কৰে তেওঁ ৷ ন্যায়ালয়ে তেওঁক মৌখিকভাৱে ক্লীনশ্বীট দিয়া নাই বুলি উল্লেখ কৰি ন্যায়ালয়ে প্ৰদান কৰা ক্লীনশ্বীট ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷ কংগ্ৰেছৰ দিনত উগ্ৰপন্থী সমূহক মূল সুঁতিলৈ ঘূৰাই অনা হৈছিল বুলিও টেৰণে দাবী কৰে ৷

ইফালে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ আন এগৰাকী উপ সভাপতি ৰতন ইংতিয়ে কয় যে, বিজেপি চৰকাৰ গঠনৰ পিছত কোনো ব্যক্তি অথবা অনুষ্ঠানে চৰকাৰৰ ওপৰত অভিযোগ আনিব নোৱাৰা এটা পৰিৱেশ এতিয়া দেশত বিৰাজ কৰিছে ৷ যিয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেওঁক বিভিন্ন দোষত অভিযুক্ত কৰি জেললৈ নিক্ষেপ কৰে ৷

বিগত তিনিদিন ধৰি আমি ইয়াত কিয় আন্দোলন কৰি আছো বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘আমি এশ কোটি টকীয়া কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী কৰিছো ৷ ইয়াত কাৰো বিৰুদ্ধে গোচৰ তৰাৰ কথা কোৱা নাই ৷ এই অভিযোগৰ সত্যতা জনাৰ অধিকাৰ আছে দুয়োখন জিলাবাসীৰ ৷’’ যদি তেওঁৰ সাহস আছে চিবিআইৰ তদন্ত দিয়ক বুলি কয় নেতাজনে ৷

কাচে এণ্টাৰপ্ৰাইজৰ গৰাকী তেওঁৰ পত্নী নহয় বুলি ৰংহাঙে কৰা দাবীক প্ৰত্যাহ্বান জনাই ৰতন ইংতিয়ে কয় যে, কাচে তেওঁৰ পত্নীৰ প্ৰতিষ্ঠান নহ’ব পাৰে ৷ ইয়াৰ প্ৰকৃত গৰাকী কোন ৷ চিংদন ৰংহাঙ কোন বুলিও ইংতিয়ে প্ৰশ্ন উত্থাপন কৰে ৷ একেদৰে ৰবিৰাম ৰংহাঙ আৰু ইংলং এণ্টাৰপ্ৰাইজৰ নামত কামৰ আৱণ্টন দিয়াৰ লগতে পত্নীৰ ভায়েকৰ জীয়েকৰ নামতো কামৰ আৱণ্টন দিছে বুলি কয় তেওঁ ৷

গতিকে ইয়াত পৰিয়ালৰ নামত স্বজন-তোষণ চলিছে ৷ যাৰ বাবে কাৰ্বি আংলঙৰ ৰাইজৰ হাতত টকা নাই, বজাৰত টকা নাই ৷ কাৰ্বি আংলঙত ইমান উন্নয়নমূলক আঁচনি আহিছে বুলি ঢাক-ডোল বজাই আছে যদিও আজি মানুহৰ হাতত কিয় টকা নাই বুলি ইংতিয়ে প্ৰশ্ন উত্থাপন কৰে ৷

তেওঁ ইয়াৰ ধন পানীৰ দৰে বৈ আছে বুলি উল্লেখ কৰি তুলিৰাম ৰংহাঙক কোনোবাই এটিএম ৰূপে ব্যৱহাৰ কৰি আছে বুলিও কটাক্ষ কৰে ৷ কাৰ্বি আংলঙৰ ধন বাহিৰলৈ লৈ যোৱা হৈছে, যাৰ বাবে কাৰ্বি আংলঙৰ জনতাৰ হাতত এতিয়া পইছাৰ অভাৱ হৈছে ৷ ইয়াৰ ক্ষুদ্ৰ ঠিকাদাৰে এতিয়া দীৰ্ঘদিন ধৰি ঠিকাৰ বিল লাভ কৰা নাই বুলি কয় ইংতিয়ে ৷

প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ প্ৰসংগ টানি অনাৰ সন্দৰ্ভত ইংতিয়ে কয় যে, মৃত ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নেপায়, কাৰণ মৃত ব্যক্তিয়ে প্ৰত্যুত্তৰ দিব নোৱাৰে ৷ সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ সাপেক্ষে প্ৰয়াত মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কাৰ্বি আংলঙৰ ৰাইজে এএছডিচি চৰকাৰক শাসনৰ পৰা বিদায় দিছিল বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.