ETV Bharat / state

Burmese cigarette seized: খটখটীত অবৈধ বাৰ্মিজ চিগাৰেট জব্দ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:25 PM IST

Updated : Oct 21, 2023, 7:44 PM IST

Illegal Burmese cigarettes seized in Diphu
ডিফুত অবৈধ বাৰ্মিজ চিগাৰেট জব্দ

শাৰদীয় উৎসৱৰ মাজতে ডিফুত অবৈধ বাৰ্মিজ চিগাৰেট জব্দ । ডিফুৰ খটখটীত আৰক্ষীয়ে অভিযান চলাই ৬৩ টা কাৰ্টনত আৰু ১০৪৪ পেকেট বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত বাৰ্মিজ চিগাৰেটখিনি প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ হ'ব বুলি জানিব পৰা গৈছে ।

ডিফুত অবৈধ বাৰ্মিজ চিগাৰেট জব্দ

ডিফু,২২ অক্টোবৰ: ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ । দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজত যাতে অবৈধ সামগ্ৰী সৰবৰাহ নহয় তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । পূজাৰ সুৰঙা লৈ যাতে কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ নহয় তাৰবাবে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ মাজতে অবৈধ ড্ৰাগছ, মৰফিন, গাঞ্জা, বাৰ্মিজ চুপাৰিৰ পিছত কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত এইবাৰ উদ্ধাৰ হৈছে প্ৰায় ৫০ লক্ষাধিক টকাৰ অবৈধ বাৰ্মিজ উইংগ চিগাৰেট ৷

খটখটী এছবিআই বেংকৰ সন্মুখত আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ অবৈধ চিগাৰেটখিনি ৷ খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত চলিছিল এই অভিযান ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে বিয়লি প্ৰায় ১ বাজি ৩০ মিনিটত মণিপুৰৰ পৰা দিল্লী অভিমুখে গৈ থকা UP-21-BN-1586 নম্বৰৰ এখন কণ্টেইনাৰ গাড়ীত তালাচী চলাওতে বাহনখনত গোপন চেম্বাৰ বনাই লুকুৱাই অনা অৱস্থাত উদ্ধাৰ হয় চিগাৰেটখিনি ৷

৬৩ টা কাৰ্টনত আৰু ১০৪৪ টা পেকেট অবৈধ চিগাৰেট ভৰাই আনিছিল সৰবৰাহকাৰীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ কাজীপুৰী গাঁৱৰ মহচিন খানক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ খটখটী আৰক্ষীৰ এনে সফলতাত সচেতন মহলে শলাগ লৈছে ৷ উদ্ধাৰ হোৱা অবৈধ বাৰ্মিজ চিগাৰেটখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু এগৰাকী নিৰপেক্ষ সাক্ষীৰ সাক্ষাৎ গ্ৰহণ কৰি জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Dead body recovered: ডিব্ৰুগড়ত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Last Updated :Oct 21, 2023, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.